NORTHEAST NOW (Assamese)

বোকাখাতত দুদিনীয়াকৈ আয়োজিত কেন্দ্ৰীয় বসন্ত উৎসৱৰ সামৰণি

May 11, 2018 3:45 pm · উত্তম শইকীয়া

বোকাখাতৰ কেন্দ্ৰীয় বিহুতলিত দুদিনীয়াকৈ অনুষ্ঠিত হৈ যায় বোকাখাতৰ ঐতিহ্যময় কেন্দ্ৰীয় বসন্ত উৎসৱ ২০১৮। প্ৰথম দিনা উদযাপন সমিতিৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰাই পতাকা উত্তোলন কৰি উৎসৱৰ শুভাৰম্ভ কৰে। স্মৃতি তৰ্পণ কৰে সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই ৷

পতাকা উত্তোলন কাৰ্যসূচীৰ পাছতেই কেন্দ্ৰীয় বিহুৰ সৈতে জন্মলগ্নৰে পৰা জড়িত থকা সাত গৰাকী জেষ্ঠ ব্যক্তিক উদযাপন সমিতিৰ হৈ সভাপতি অতুল বৰাই সম্বৰ্ধনা জনায় ৷ ইয়াৰ পাছতেই কেন্দ্ৰীয় বসন্ত উৎসৱৰ লগত সংগতি ৰাখি উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱ ৰয়ে ৷

শোভাযাত্ৰাত অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি পৰিৱেশন কৰাৰ লগতে বোকাখাতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাংস্কৃতিক দলসমূহে অংশ গ্ৰহন কৰে ৷

কেন্দ্ৰীয় বসন্ত উৎসৱৰ প্ৰথম দিনা সদৌ অসম ভিত্তিত বৰ বিহুৱতী, মৌ বিহুৱতী আৰু হুচৰি প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ প্ৰতিযোগিতা উদ্বোধন কৰে অমৰ কাকতিয়ে৷

বৰ বিহুৱতী প্ৰতিযোগিতাত শিৱসাগৰৰ শতাব্দী কলিতাই প্ৰথম, নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলৰ সংস্কৃতি দেউৰী দ্বিতীয় আৰু গোলাঘাটৰ নয়না ভৰালীয়ে তৃতীয় স্থান লাভ কৰে৷ মৌবিহুৱতী প্ৰতিযোগিতাত ডিগবৈৰ প্ৰিয়ানী বৰগোহাঁই প্ৰথম, বৰপথাৰৰ ত্ৰিদিশা কোঁৱৰ আৰু গোলাঘাটৰ অলিম্পি শ্ৰেয়ম গগৈ যুটীয়া ভাৱে দ্বিতীয় আৰু বোকাখাতৰ নন্দিতা শইকীয়াই তৃতীয় স্থান লাভ কৰে৷ একেদৰে সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা হুচৰি প্ৰতিযোগিতাত শিৱসাগৰৰ জাঁজীপৰীয়া বিহুদল প্ৰথম, গোলাঘাটৰ মৈদামনিৰ নৱ উদিত যুৱ সংঘ দ্বিতীয় আৰু গোলাঘাট নাওশলীয়াৰ বৰহমথুৰি ৰংমন হুচৰি দলে তৃতীয় স্থান লাভ কৰে৷

আনহাতে কেন্দ্ৰীয় বসন্ত উৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা মাৰাথন দৌৰ প্ৰতিযোগিতাত খুমটাইৰ মহেশ ৰাজোৱাৰ, বিহৰাৰ ঋষি গুপ্তা আৰু ৰজাবাৰীৰ বৰুণ দলে ক্ৰমে প্ৰথম তিনিটা স্থান লাভ কৰিবলৈ সক্ষম হয়৷

কাজিৰঙাৰ দিৰিং চাৰিআলিৰ পৰা আৰম্ভ হোৱা এই মাৰাথন দৌৰ প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া বিতুল চেতিয়াই৷

ইফালে দ্বিতীয় দিনা মহিলাৰ আৰু ছাত্ৰ ছাত্ৰীৰ মাজত বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় ৷ সন্ধিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান৷ মন্ত্ৰী অতুল বৰাই উদ্বোধন কৰা এই সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠ শিল্পী চাজন নায়ক, ৰঞ্জিত গগৈ আৰু গীতালি কাকতিয়ে অনুষ্ঠান পৰিবেশন কৰে ৷

বঁটা বিতৰণী অনুষ্ঠানতে ‘আমাৰ প্ৰয়াস’ নামৰ এখন আলোচনীও উন্মোচন কৰা হয় ৷ আলোচনীখন উন্মোচন কৰে কেবিনেট মন্ত্ৰী অতুল বৰাই।

Related News