অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি সদৌ অসম কবি সন্মিলনে আজি প্ৰতিখন জিলাত ভাৰত চৰকাৰৰ যুটীয়া সংসদীয় সমিতিলৈ উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷
সেইদৰে সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত নগাঁও জিলা কবি সন্মিলনেও জিলাখনৰ উপায়ুক্তক বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি স্মাৰক পত্ৰ প্ৰদান কৰে।
সভাপতি প্ৰদীপ শইকীয়া, উপদেষ্টা পৰাণ কুমাৰ বৰুৱা, মোলান লষ্কৰ, কৈলাশ কুমাৰ ৰাজখোৱা, জেউতি হাজৰিকা, কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মদাৰজ্যোতি, কাৰ্যনিৰ্বাহক সঞ্জীৱ সাগৰ চৌধুৰী, জিলা সহকাৰী সম্পাদক দীপানজু বৰা, দীপজ্যোতি কাকতি, বাৰপূজীয়া কবিতা নিকেতনৰ সম্পাদক হেমন্ত নাথ , জামুগুৰি শাখা কবি সন্মিলনৰ সভাপতি কৰবী লিগিৰা প্ৰমুখ্যে সন্মিলনৰ আন নেতৃবৃন্দৰ উপস্থিতিত স্মাৰক পত্ৰ প্ৰদান কৰা হয়।
বিধেয়কৰ তীব্ৰ বিৰোধ কৰাৰ কাৰণ সমূহ নগাঁও জিলা কবি সন্মিলনিয়ে পাঁচটা দফাত স্মাৰক পত্ৰখনৰ জৰিয়তে উল্লেখ কৰে।
স্মাৰক পত্ৰখনত উল্লেখ কৰা দাবী সমূহ হ’ল অসমৰ ভাষিক গাঁথনিত পৰিব পৰা বিৰূপ প্ৰভাৱ, খিলঞ্জীয়া ভূমিপুত্ৰৰ আৰ্থ ৰাজনৈতিক অধিকাৰ সংকুচিত কৰি প্ৰব্ৰজিত বিদেশীৰ প্ৰভাৱ বিস্তাৰৰ বাট সুগম কৰা, অসমীয়া জাতিৰ স্বাভিমান স্বৰূপ অসম চুক্তিক ধুলিস্যাৎ কৰা, অসমৰ বৈচিত্ৰময় সাংস্কৃতিক স্বকীয়তাক নিঃশেষ কৰা আৰু ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অসমলৈ অহা বিদেশী নাগৰিকক চিনাক্ত কৰি বহিস্কাৰ কৰাৰ প্ৰক্ৰিয়াক এই বিধেয়কে মষিমূৰ কৰিব।
ইয়াৰ উপৰি অসমীয়া জাতিৰ বাবে স্পৰ্শকাতৰ বিষয় সমূহৰ ষডযন্ত্ৰহেন বিধেয়কখনৰ বিৰোধিতা কৰি ইয়াক পৰিহাৰ কৰিবলৈ সদৌ অসম কবি সন্মিলনে স্মাৰক পত্ৰৰ জৰিয়তে সজোৰে দাবী জনায়৷