বোকাখাতত বনকৰা যুৱতীক যৌন নিৰ্যাতন কৰা মালিকক গ্ৰেপ্তাৰ : উত্তেজিত জনতাৰ সমদল

Bokakhat rapist arrested

ঘৰৰ বনকৰা যুৱতীক যৌন নিৰ্যাতন চলাই আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা বোকাখাতৰ তীৰ্থ শৰ্মা ওৰফে জোন শৰ্মাক অৱশেষত আজি বোকাখাত আৰক্ষীয়ে কৰায়ত্ত কৰে।

উল্লেখযোগ্য যে বোকাখাতৰ গোলাপ টকিজৰ কাষৰ বদন শৰ্মা নামৰ ব্যক্তিজনৰ কনিষ্ঠ পুত্ৰ তীৰ্থ শৰ্মাই ঘৰৰ বনকৰা যুৱতীগৰাকীক  দীৰ্ঘদিন ধৰি চলাই অহা যৌন নিৰ্যাতনত অতিষ্ঠ হৈ মানসিকভাৱে ভাগি পৰা যুৱতীগৰাকীয়ে বুধবাৰে গাত কেৰাচিন ঢালি তীৰ্থ শৰ্মা ঘৰৰ চোতালতে আত্মহত্যাৰ চেষ্টা চলাইছিল।

অগ্নিদগ্ধ যুৱতীগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসালয়তে বুধবাৰে বিয়লি মৃত্যু হয় ৷ মৃত্যুৰ প্ৰাকক্ষণত তীৰ্থ শৰ্মাই তেওঁৰ ওপৰত চলোৱা যৌন নিৰ্যাতনৰ কথা সকলোকে কৈ থৈ যায় ৷

ইয়াৰ পিছতে সমগ্ৰ বোকাখাততে এক উত্তেজনাময় পৰিৱেশ বিৰাজ কৰে। আনহাতে আজি দুপৰীয়া যুৱতীগৰাকীৰ মৃতদেহ বোকাখাত আহি পোৱাৰ পিছতে নগৰখনত পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰা হয়।

উত্তজিত লোকে মৃতদেহটো লৈ তীৰ্থ শৰ্মাৰ বাসগৃহলৈ বুলি যাত্ৰা কৰি তেওঁৰ ঘৰৰ চোতালতে মৃতদেহটোক দাহ কৰিব খোজাত আৰক্ষীয়ে বাধা প্ৰদান কৰাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। উত্তেজিত জনতাই তীৰ্থ শৰ্মাক শাস্তি দিয়াৰ লগতে ১ কোটি টকাৰ ক্ষতিপূৰণৰ দাবী তোলে।

পিছত মহকুমাধিপতি বিবেক শ্যাম, অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি বৰা, মহকুমা আৰক্ষী বিষয়া বিতুল চেতিয়া, ৰাজহ চক্ৰ বিষয়া খনিন্দ্ৰ দাস আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপজ্যোতি দত্ত ঘটনাস্থলীত উপস্থিত হয় ৷

মহকুমাধিপতি গৰাকীয়ে উত্তেজিত জনতাক তেওঁলোকৰ দাবী সমুহৰ সন্দৰ্ভত ১ জুনৰ দিনৰ ১১ বজাত আলোচনাত বহাৰ লিখিত প্ৰতিশ্ৰুতি দিয়াতহে পৰিস্থিতি কিছু শাম কাটে।

ঘটনাস্থলীতেই অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু জিপাল নামৰ সংগঠনটোৱে মহকুমাধিপতিক  একোখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰে।

আনহাতে, কালি নিশা কনকলতা মহিলা সমিতিয়েও বোকাখাত থানা ঘেৰাও কৰি দোষিক শাস্তি দিবৰ বাবে এখন দাবীপত্ৰ অাৰক্ষী বিষয়াৰ হাতত দাখিল কৰিছিল ৷

পিছত উত্তেজিত জনতাই দুৰ্ভগীয়া যুৱতীগৰাকীৰ মৃতদেহ লৈ বোকাখাত চহৰ পৰিভ্ৰমন কৰি শ্মসানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰে।