বোকাখাতৰ একালৰ সুদক্ষ ফুটবল খেলুৱৈ, ঝুমুৰ শিল্পী, সমাজকৰ্মী দশৰথ কৰ্মকাৰৰ দেহাৱসান
একালৰ সুদক্ষ ফুটবল খেলুৱৈ, ঝুমুৰ শিল্পী তথা সমাজকৰ্মী বোকাখাত গড়মূৰ গাঁৱৰ বাসিন্দা দশৰথ কৰ্মকাৰৰ ৯১ বছৰ বয়সত বাৰ্দ্ধক্যজনিত কাৰণত ১৯ মে’ৰ পুৱা নিজা বাসগৃহত মৃত্যু হয়৷
১৯২৩ চনত বোকাখাত চাহ বাগিচাত জন্ম গ্ৰহণ কৰা দশৰথ কৰ্মকাৰে গড়মূৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল৷ সৰুৰে পৰা ফুটবল খেলি ভাল পোৱা কৰ্মকাৰ পাছলৈ এজন সুদক্ষ ফুটবল খেলুৱৈ হিচাপে পৰিচিত হৈ পৰিছিল৷ বোকাখাত চাহ বাগিচাৰ ফুটবল দলৰ দক্ষ অধিনায়ক আছিল কৰ্মকাৰ।
বোকাখাত চাহ বাগিচাত কৰ্মৰত থকা অৱস্থাত কৰ্মকাৰে বহু বছৰ ধৰি বাগিচা সংঘৰ সম্পাদক আৰু সভাপতিৰ দ্বায়িত্বও বহন কৰিছিল৷ ঝুমুৰ শিল্পী হিচাপেও তেওঁ সুপৰিচিত আছিল৷ তেওঁ ঝুমুৰ গীতে বহুতকে আকৰ্ষিত কৰিছিল৷
ইয়াৰ উপৰিও কংগ্ৰেছ কৰ্মী হিচাপে বাগিচা অঞ্চলত কৰ্মকাৰে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰা তেওঁ গড়মূৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত আছিল৷
গড়মূৰ শিৱ মন্দিৰ, গড়মূৰ যুৱক সংঘ, বাগিচা সংঘ আদি বিভিন্ন অনুষ্ঠান গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা কৰ্মকাৰে অসম চাহ মজদুৰ সংঘ, বোকাখাত শাখাৰ উপ-সভাপতি হিচাপেও কাৰ্যনিবাহ কৰিছিল৷
পুৱা মৃত্যুৰ বাতৰি বিয়পি পৰা লগে লগে তেওঁৰ বাসগৃহ লোকে লোকাৰণ্য হৈ পৰে৷ তেওঁ মৃতদেহত বিভিন্ন ব্যক্তিৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠানে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁৰ মৃত্যুত বোকাখাতৰ লগতে গড়মূৰ অঞ্চলত শোকৰ ছাঁ পৰিছে৷
মৃত্যুৰ সময়ত তেখেতে তিনি পুত্ৰ, চাৰিগৰাকী কন্যাৰ লগতে বহু নাতি-নাতিনী ইহ সংসাৰত এৰি থৈ গৈছে৷