বোকাখাতৰ চাহ বাগিচাত বিশ্ব পৰিৱেশ দিৱস আৰু কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান আটছাৰ

aattsa

সমগ্ৰ বিশ্বৰ লগতে বোকাখাতৰ লখৌজান চাহ বাগিচাতো আজি ৫ জুনত চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত বাগিচা সংঘৰ বিশেষ সহযোগত বিশ্ব পৰিৱেশ দিৱসৰ লগতে কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ এক মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত হয়৷

এই অনুষ্ঠানত পুৱা পতাকা উত্তোলন কৰে আটচাৰ লখৌজান প্ৰাথমিক গোটৰ সভাপতি মনোজ ৰাৱে৷ স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্জ্বলন কৰে সম্পাদক শোণিত পঠোৱাই৷ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি উলিওৱা শোভাযাত্ৰাৰ উদ্বোধন কৰে ছাত্ৰ সংগঠনটোৰ লখৌজান প্ৰাথমিক গোটৰ প্ৰাক্তন সভাপতি ৰুদ্ৰ তাঁতীয়ে৷ বৃক্ষ ৰোপণ কৰে অসম চাহ মজদুৰ সংঘৰ বোকাখাত শাখাৰ সম্পাদক তপন কৰ্মকাৰ আৰু লখৌজান চাহ বাগিচাৰ সহকাৰী পৰিচালক মুনিন সিঙে৷ বিশ্ব পৰিৱেশ দিৱসৰ বাবে কৰা চাফাই অভিযানত লখৌজান বাগিছাৰ বাগিচা সংঘৰ সমূহ বিষয়ববীয়া আৰু বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকল অংশগ্ৰহণ কৰে। বিয়লিলৈ আয়োজিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান উদ্বোধন কৰে আটচাৰ বোকাখাত শাখাৰ সভাপতি কুমুদ কালিন্দীয়ে৷ আৰম্ভণিতেই লখৌজান চাহ বাগিচাৰ ছাত্ৰীসকলৰদ্বাৰা সমবেত সংগীতো পৰিৱেশন কৰা হয়৷ অনুষ্ঠানত আটচাৰ বোকাখাত শাখাৰ সম্পাদক অনিত গড়, বোকাখাত শাখাৰ প্ৰাক্তন বিষয়ববীয়া ভাস্কৰ কালিন্দী, পংকজ কালিন্দী, নুমলীগড় উপ-শাখাৰ সভাপতি অমৃত সাগৰ  আৰু বোকাখাত উপ-শাখাৰ সম্পাদক কৃষণ তাঁতী উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে৷ অনুষ্ঠানত লখৌজান চাহ বাগিচাৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন পত্ৰৰে চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷