ব্যক্তিগতখণ্ডৰ অধীনলৈ নাযায় অসমৰ ঐতিহ্যক্ষেত্ৰ : পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মৰ ঘোষণা

ATTACHMENT

‘এডপ্ট এ হেৰিটেজ’ আঁচনিৰ অধীনত ৰাজ্যৰ এতিহ্যক্ষেত্ৰ সমূহ ব্যক্তিগত খণ্ডৰ কোম্পানীক গতাই দিয়াক লৈ সৃষ্টি হোৱা প্ৰবল প্ৰতিবাদ- বিক্ষোভৰ ওচৰত সেও মানি অৱশেষত সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ’ল কেন্দ্ৰীয় চৰকাৰ।

ৰাজ্যজুৰি কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ ফলত সৃষ্টি হোৱা প্ৰতিবাদৰ মাজতে  পৰ্যটন মন্ত্ৰী চন্দন ব্ৰক্ষ্মই আজি কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী কে জি আলফ’নছক সাক্ষাৎ কৰি এই সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। এই আলোচনাকালতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে যে অসমৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় ‘এডপ্ট এ হেৰিটেজ’ আঁচনি। সেয়েহে জনসাধাৰণ এইক্ষেত্ৰত শংকিত হোৱাৰ কোনো কাৰণ নাই।

আজি কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী গৰাকীক সাক্ষাৎ কৰাৰ পাছতেই মন্ত্ৰী চন্দন ব্ৰক্ষ্মই সংবাদ মাধ্যমৰ আগত কয় যে ‘এডপ্ট এ হেৰিটেজ’ আঁচনিক লৈ ৰাজ্যবাসীৰ মাজত সৃষ্টি হোৱা শংকা দূৰ কৰাৰ বাবে আজিৰ বৈঠক অনুষ্ঠিত হ’ল। কেন্দ্ৰীয় চৰকাৰে ‘এডপ্ট এ হেৰিটেজ’ আঁচনিত অসমৰ কীৰ্তিচিহ্ন চোৱাচিতা কৰিবলৈ কোনো কোম্পানীক দায়িত্ব নিদিয়ে।অৰ্থাৎ ৰাজ্যত প্ৰযোজ্য নহয় ‘এডপ্ট এ হেৰিটেজ’ আঁচনি।

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰখনৰ উক্ত আঁচনিৰ বিৰোধিতা কৰি ৰাজ্যৰ প্ৰায়বোৰ দল- সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছিল। তাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত স্বাভাৱিকতে যথেষ্ট তাৎপৰ্যপূৰ্ণ।