ব্রহ্মপুত্রৰ তথ্য আদান-প্ৰদান কৰিবলৈ সন্মত ৰঙা চীনঃ সুষমা স্বৰাজ

Tsangpo

বিবদমান ডোকলামক লৈ বিগত সময়ছোৱাত চীন-ভাৰতৰ মাজত চলি থকা ব্যাপক সংঘাতৰ একপ্ৰকাৰ অৱসান ঘটোৱাৰ ইংগিত প্ৰদান কৰি বহ্মপুত্ৰ আৰু ছুটলেজ নদীৰ জলবিদ্যুত সম্পৰ্কীয় তথ্য আদান- প্ৰদান কৰিবলৈ সন্মত হৈছে বেইজিং।

দেওবাৰে বেইজিঙত এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী সুষমা স্বৰাজে।

উল্লেখযোগ্য যে নদী দুখনৰ জলবিদ্যুৎ তথ্য আদান- প্ৰদান কৰাটো ভাৰতৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। কিয়নো উক্ত তথ্যৰ ওপৰতে ভিত্তি কৰি উত্তৰ- পূৰ্বাঞ্চলৰ বিশেষকৈ অসমৰ বান পৰিস্থিতিৰ পূৰ্বানুমান লাভ কৰাটো সম্ভৱপৰ হ’ব বুলি প্ৰকাশ কৰিছে বিশেষজ্ঞ সকলে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ছাংহাই ক’অপাৰেশ্যন অৰ্গেনাইজেশ্যন চমুকৈ এছচিঅ’ৰ বৈদ্শিক মন্ত্ৰী সকলৰ বৈঠকত ভাগ লোৱাৰ উদ্দেশ্যে সুষমা স্বৰাজে যোৱা শনিবাৰে চাৰিদিনীয়া ভ্ৰমণ কাৰ্যসূচী লৈ বেইজিঙত উপস্থিত হৈছিল।

এই বৈঠকৰ সময়ছোৱাত স্বৰাজে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ সৈতে আলোচনাত মিলিত হৈ দুয়োখন ৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰাৰ পোষকতা কৰি সম্পৰ্ক উন্নত কৰাৰ ক্ষেত্ৰত সহযোগিতাৰে কাম কৰাৰ বাবে ঐকমত্যত উপনীত হৈছিল।

তাৰ ভিত্তিতে বেইজিঙে ব্ৰহ্মপুত্ৰৰ জলবিদ্যুৎ তথ্য আদান- প্ৰদান কৰিবলৈ সন্মত হৈছে বুলি চৰ্চা চলিছে।