ব্ৰহ্মপুত্ৰৰ উৎসস্থলৰ বিৰল ফটো প্ৰকাশ চাইনা ডেইলিৰ

ইংৰাজী ভাষাত প্ৰকাশিত চীনৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ কাকত চাইনা ডেইলি (China Daily) ৰ ৱেবছাইটত ব্ৰহ্মপুত্ৰৰ তিব্বত অংশটোৰ (যাক ছাংপো বুলি কোৱা হয়) আকাশমাৰ্গৰ পৰা তোলা কেইখনমান বিৰল ফটো প্ৰকাশ কৰা হয়। এই অংশটোক Yarlung Tsangpo Grand Canyon বুলি কোৱা হয় আৰু ই হ’ল বিশ্বৰ বৃহত্তম গিৰিখাত। এই অংশটোৱে হ’ল অসমৰ ব্ৰহ্মপুত্ৰৰ আদি সুঁতি। পশ্চিম তিব্বতৰ কৈলাস পৰ্বতৰ দাঁতিৰ মানস সৰোবৰৰ আংচি হিমবাহ (Angsi Glacier)ৰ পৰা ওলাই ই অৰুণাচলৰ মাজেৰে বৈ আহি অসমত ব্ৰহ্মপুত্ৰ নাম লৈছে।

চীনা দৈনিক কাকতখনৰ এই কাৰ্য্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এই বাবেই যে সচৰাচৰ ভৌগোলিকভাৱে তাৎপৰ্য্যপূৰ্ণ অঞ্চলৰ ফটো বা আন তথ্য প্ৰকাশ কৰাৰ ক্ষেত্ৰত দেশখনৰ কঠোৰতা সৰ্বজন জ্ঞাত। তাৰোপৰি ব্ৰহ্মপুত্ৰৰ পানীৰ বিষয়ে কোনো তথ্য ভাৰতক দিবলৈ চীনে সদায়ে বিভিন্ন অজুহাতত অস্বীকাৰ কৰি আহিছে।