ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মাণ চতুৰ্থখন দলঙৰ নাম ‘বীৰাংগনা সাধনী সেঁতু’ নামাকৰণৰ দাবীত চুতীয়া জাতি সন্মিলনৰ প্ৰতিবাদ

অসমৰ ভূমিপুত্ৰ চুতীয়াসকলৰ মহীয়সী বীৰাংগনা সাধনীৰ নামেৰে নামাকৰণ কৰা, চুতীয়া জাতিক জনজাতিকৰণৰ লগতে ৭ বহাগৰ দিনটো সতী সাধনী দিৱস হিচাপে বন্ধ ঘোষণাৰ দাবীত আজি চুতীয়া জাতি সন্মিলনৰ উদ্যোগত দিচপুৰ লাষ্টগেটত এক ধৰ্ণা কাৰ্য্যসূচী ৰূপায়িত হয়।

প্ৰতিবাদকাৰী সকলে ব্ৰহ্মপুত্ৰৰ ওপৰত বগীবিলত নিৰ্মীয়মাণ চতুৰ্থখন দলঙৰ নাম ‘বীৰাঙ্গনা সাধনী সেঁতু’ নামেৰে নামাকৰণ কৰাৰ দাবী জনাই অসম চৰকাৰৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰক দাবী জনায়।

এই সন্দৰ্ভত দলীয় নেতৃবৰ্গই সদৰী কৰে যে কেন্দ্ৰীয় চৰকাৰক দলং নিৰ্মাণৰ প্ৰস্তাৱ গ্ৰহণৰ সময়ৰ পৰাই বীৰাংগনা সাধনীৰ নামেৰে নামাকৰণ কৰিবলৈ দাবী জনাই আহিছিল।

তেওঁলোকৰ মতে আহোম ৰাজবংশৰ নামত কলিয়াভোমোৰা সেঁতু স্থাপিত হোৱাৰ লগতে ব্ৰহ্মপুত্ৰৰ ওপৰৰ প্ৰথমখন নদীৰ নাম কোঁচ ৰজা নৰনাৰায়ণৰ নামেৰে নামাকৰণ কৰা হ’ল।

কিন্তু চুতীয়া সম্প্ৰদায়ৰ প্ৰতি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে অৱহেলা দৃষ্টিৰে চোৱাৰ বাবেই বৰ্তমানলৈকে চুতীয়া বংশৰ কোনো মহান ব্যক্তিৰ নামত দলঙৰ নামাকৰণ হোৱা নাই বুলি চুতীয়া জনগোষ্ঠীৰ দলীয় নেতৃবৰ্গই এক গুৰুতৰ অভিযোগ তোলে।

এই সন্দৰ্ভত চুতীয়া ছাত্ৰ সন্থাৰ পৰিয়াল বৰ্গৰ সভাপতি ক্ষীৰোদ শইকীয়াই নৰ্থ ইষ্ট নাওক জনাই যে দীৰ্ঘদিন ধৰি আমি এই বিষয়ে চৰকাৰক দাবী জনাই আহিছো। কিন্তু পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰে বিজেপি চৰকাৰেও আমাৰ দাবীৰ প্ৰতি কোনো সঁহাৰি জনোৱা নাই।
লগতে এই বিষয়ত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে চুতীয়া জনগোষ্ঠীৰ দল-সংগঠন সমূহে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে।

দ্বিতীয়তে চুতীয়া সকলে অনুসূচীত জনজাতি মৰ্যাদা প্ৰাপ্তিৰ বাবে ১৯৮০ চনৰ পৰাই সদৌ চুতীয়া জাতি সন্মিলনে দাবী জনাই আহিছে।
লক্ষণীয় যে নৰেন্দ্ৰ মোদীয়ে লোকসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ৬ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰস্তাৱ দিছিল।

কিন্তু ৪ টা বছৰ অতিক্ৰম কৰিবৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অসন্তুষ্টি প্ৰকাশ কৰি কয় যে জনজাতিকৰণৰ বাবে মডেলিটি প্ৰস্তুত কৰাৰ বাবে গঠিত সমিতিখনে প্ৰতিবেদন দাখিল কৰাৰ ক্ষেত্ৰত প্ৰতাৰণা কৰি আহিছে। লগতে এই ক্ষেত্ৰত অসম চৰকাৰে দুমুখীয়া স্থিতি গ্ৰহণ কৰা বুলি তেওঁলোকে কটাক্ষ কৰে।

এই প্ৰতিবাদৰ পিছত তথা বাজেট অধিবেশন চলি থকাৰ সময়ছোৱাত তেওঁলোকৰ দাবী সমূহৰ ব্যৱস্থা নকৰিলে অহা ১২ মাৰ্চত কেন্দ্ৰীয় চৰকাৰৰ বাজেট অধিবেশন চলি থকা সময়ত দিল্লীৰ জন্তৰ-মন্তৰত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰে।

তদুপৰি ৭ বহাগৰ দিনটো সতী সাধনী দিৱস হিচাপে পালন কৰাৰ লগতে এই দিনটোত চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰিবৰ বাবে চুতীয়া ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গৰ সভাপতি ক্ষীৰোদ শইকীয়াই জানিবলৈ দিয়ে।

আজিৰ এই প্ৰতিবাদী কাৰ্য্যসূচীত সদৌ চুতীয়া জাতি সন্মিলনৰ আহ্বানক্ৰমে চুতীয়া যুৱ সন্মিলন, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা আৰু মহিলা সন্মিলনে অংশগ্ৰহণ কৰে।