ব্ৰহ্মপুত্ৰৰ পানী দূষিত হোৱা বিষয়টো চীনৰ লগত আলোচনা নকৰা বাবে বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এইদৰে কয় প্ৰাক্তন মুখ্য মন্ত্ৰীজনে। স্বাভাৱিক কথনভংগিৰে তেওঁ কয়, ”এনেকুৱা সমস্যা আমাৰ দিনতো হৈছিল। কিন্তু আমি চুবুৰীয়া দেশখনৰ সৈতে বিষয়টো আলোচনা কৰিছিলো। আনকি আমাৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙে খৰতকীয়াকৈ চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে কথাটো আলোচনা কৰিছিল।” তেওঁ লগতে কয় যে কংগ্ৰেছে অসমত ‘ব্ৰহ্মপুত্ৰ বচাওক, অসম বচাওক অভিযান’ (save Brahmapura, save Assam mission) আৰম্ভ কৰিব। তেওঁ চৰকাৰৰ নিস্পৃহতাত ক্ষোভ ব্যক্ত কৰি কয় যে এইটো এটা গভীৰ শংকাৰ বিষয়। কিন্তু চৰকাৰে বিষয়টো এতিয়াও গুৰুত্বসহকাৰে লোৱা নাই। নমামি ব্ৰহ্মপুত্ৰ পাতি কোটি কোটি টকা খৰচ কৰা চৰকাৰে এতিয়াও বিষয়টোৰ গুৰুত্ব বুজিবলৈ বাকী। গংগা পৰিষ্কাৰ আঁচনিৰ দৰে ব্ৰহ্মপুত্ৰ পৰিষ্কাৰ কৰা আঁচনিও ল’ব লাগে। আনহাতে আন কিছুমান প্ৰসংগতো গগৈয়ে নিজৰ স্বাভাৱিক বাচলতাৰে নিজৰ মত ব্যক্ত কৰে। কেন্দ্ৰীয় চৰকাৰখনে ৰাজ্যখনৰ বান আৰু গৰাখহনীয়া সমস্যাটোকো কোনো গুৰুত্বসহকাৰে লোৱা নাই। চৰকাৰখনে এতিয়াও বান আৰু গৰাখহনীয়া শিতানত টকা মুকলি কৰি দিয়া নাই। আনহাতে নাগা ফ্ৰেইমৱৰ্ক এগ্ৰিমেণ্টৰ বিষয়ত নিজৰ স্থিতি প্ৰকাশ কৰি কয় যে চৰকাৰে এই চুক্তিখন ৰাজহুৱা কৰিব লাগে। ‘আমি নাগালিমত আমাৰ এক ইঞ্চি মাটিও সোমাবলৈ নিদিওঁ।” গগৈয়ে কয়। আনহাতে মোদীক ‘নীচ মানুহ’ বুলি কৈ দলৰ পৰা অলপতে নিলম্বিত হোৱা জ্যেষ্ঠ কংগ্ৰেছ নেতা মণিশংকৰ আয়াৰ সম্পৰ্কতো তেওঁ মন্তব্য দি কয়, ”আয়াৰক দলৰ পৰা নিলম্বন কৰাতে প্ৰমাণ কৰে যে ৰাহুল গান্ধী এজন যোগ্য নেতা।” আনহাতে বিজেপিক কটাক্ষ কৰি কয়, বিজেপিৰ নেতাই মোদীৰ বিৰুদ্ধে কথা ক’লে গেৰুৱা বাহিনীটোৰ পৰিয়ালৰ সদস্যৰ দৰে আদৰা হয়। এই প্ৰসংগত তেওঁ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুজৰাটত পানীৰ পাইপেৰে তেজ বয় বুলি কোৱা কথা মনত পেলাই দিয়ে।
ব্ৰহ্মপুত্ৰৰ পানী প্ৰদূষিত হোৱাক লৈ বিজেপি চৰকাৰ মুঠেই উদ্বিগ্ন নহয়
-
By NE NOW NEWS
- Categories: অসম
Related Content
মেঘালয়মুখী হৈছে অসমৰ মদৰ দামত অতিষ্ঠ সুৰাপায়ী! ৩৩% হ্ৰাস পাইছে সুৰাৰ বিক্ৰী
By
এন ই নাও নিউজ ব্যুৰো
May 18, 2024 1:36 pm
ৰে’লযাত্ৰীৰ বাবে ডাঙৰ খবৰ! ৰে’ল সেৱাৰ বাতিলকৰণ, সময় পুনৰ নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ তথা পথ পৰিৱৰ্তন
By
এন ই নাও নিউজ ব্যুৰো
May 18, 2024 1:34 pm
ৰঞ্জিত-আইজং পাহৰি যাওক : আপোনাৰ ভঁৰাল ভৰাবলৈ আহিছে প্ৰচুৰ, শতাব্দী আৰু পাটকাই
By
এন ই নাও নিউজ ব্যুৰো
May 18, 2024 12:16 pm
শ্বাহৰুখক লৈ প্ৰীতি জিন্তাই কৰা মন্তব্যত তোলপাৰ বলীউডত! কি এনে কথা ক’লে প্ৰীতিয়ে?
By
এন ই নাও নিউজ ব্যুৰো
May 18, 2024 11:57 am
পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ, ধৰ্মীয় অনুভুতিত আঘাতৰ অভিযোগ
By
এন ই নাও নিউজ ব্যুৰো
May 18, 2024 9:58 am
যাত্ৰীবাহী চলন্ত বাছত অগ্নিকাণ্ড; ৮ জনৰ মৃত্যু, ২৪ জন আহত, তীৰ্থ কৰি উভতি অহাৰ সময়তে দুৰ্ঘটনা
By
এন ই নাও নিউজ ব্যুৰো
May 18, 2024 9:46 am