NORTHEAST NOW (Assamese)

বৰঝাৰ বিমানবন্দৰত মলদ্বাৰত লুকুৱাই অনা অৱস্থাত সোণৰ টুকুৰাসহ আটক এজন

July 15, 2018 6:46 pm · এন ই নাও নিউজ

ৰাজ্যত সোণৰ চোৰাং বেহা চলি থকাৰ সময়তে আজি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত পুনৰ এজন লোক চোৰাংভাৱে সোণ কঢ়িয়াই অনা অৱস্থাত আটক হয়। আটকাধীন লোকজন ডি কে নদীগিৰি বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে নদীগিৰিয়ে  গুৱাহাটীৰ পৰা মুম্বাইলৈ যোৱাৰ সময়তে বৰঝাৰস্থিত বিমান বন্দৰটোত উপস্থিত হওঁতেই চি আই এছ এফ আৰু শুল্ক বিভাগে যুটীয়া অভিযনা চলাই নদীগিৰিক আটক কৰাৰ লগতে চোৰাংভাৱে সোণখিনিও জব্দ কৰে।

প্ৰাপ্ত তথ্য মতে আটকাধীন লোক জনে সোণখিনি মলদ্বাৰৰ ভিতৰত সোমোৱাই আনিছিল। আৰু ইণ্ডিগ’ বিমানেৰে সোণখিনি মুম্বাইলৈ নিয়াৰ পৰিকল্পনা আছিল। আটকাধীন লোকজনৰ পৰা উদ্ধাৰ হোৱা সোণৰ পৰিমাণ ৪০০ গ্ৰাম বুলি জানিব পৰা গৈছে আৰু লোকজন মহাৰাষ্ট্ৰৰ নিৱাসী বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

Related News