বৰপেটাত দৌল উৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা পুস্তিকাৰ উন্মোচন

দৌল মহোৎসৱ

এনাজৰী বৰপেটা নামৰ এক অনুষ্ঠানে বিগত তিনি বছৰৰ দৰে দৌল উৎসৱৰ লগত সংগতি ৰাখি এইবাৰো ‘বৰপেটাৰ দেউল দহ বিশেষ’ শীৰ্ষক পুস্তিকাখন প্ৰকাশ উলিয়াইছে।

আজি বৰপেটা সত্ৰৰ কৰাপাটৰ সন্মুখত এই পুস্তিকাখন বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা আৰু উপায়ুক্ত থানেশ্বৰ মালাকাৰে উন্মোচন কৰে।

বাটে বাটে হোলীগীত প্ৰতিযোগিতাৰ আৰম্ভণিৰ প্ৰাক্মুহূৰ্তত অনুষ্ঠিত উক্ত পুস্তিকা উন্মোচনীৰ অনুষ্ঠানটোৰ আঁত ধৰে ডঃ নিৰ্মলৰঞ্জন মজুমদাৰে।

অনুষ্ঠানত জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা, ডেকাসত্ৰীয়া নৱজিৎ দাস পাঠক, সাংস্কৃতিক কৰ্মী গৰিমা শইকীয়া গাৰ্গ, কণ্ঠশিল্পী বাবু বৰুৱা আদি উপস্থিত থাকে ।

আনহাতে, এক নিৰ্দেশনা যোগে অহা চাৰি মাৰ্চত সমগ্ৰ বৰপেটা জিলাতে উদ্যাপন কৰিবলগা সুঁৱেৰী উৎসৱ  উপলক্ষে বৰপেটা জিলাৰ উপায়ুক্তই সমগ্ৰ জিলাখনতে ‘ড্ৰাই-দে’ ঘোষণা কৰিছে।

এই সময়ছোৱাত ভাৰতত নিৰ্মিত বিদেশী সুৰাৰ সকলো দোকান বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। অন্যথা আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উপায়ুক্ত গৰাকীয়ে নিৰ্দেশনাটোত উল্লেখ কৰে।