NORTHEAST NOW (Assamese)

বৰপেটাত শোকাবহ পথ দুৰ্ঘটনাত দুই ভগ্নী নিহত

April 21, 2018 7:11 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ৰাজ্যখনত পথ দুৰ্ঘটনা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। প্ৰতিদিনেই পথ দুৰ্ঘটনাৰ ফলত বহু লোকৰ মৃত্যুৰ বাতৰি পোৱা যায়। এনে এক পৰিস্থিতিৰ মাজতে শুকুৰবাৰে বৰপেটাৰ সদৰ আৰক্ষীৰ অন্তৰ্গত ৰাধাকুছিৰ জাব্ৰিকুছিত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত দুই ভগ্নী থিতাতে নিহত হয়।

জানিব পৰা মতে শুকুৰবাৰে দুপৰীয়া প্ৰায় ১২ মান বজাত দুৰ্ঘটনাটো সংঘটিত হয়। ভেল্লাৰ পৰা উত্তৰ দিশৰ ৰাধাকুছি অভিমুখে গৈ থকা এখন তীব্ৰবেগী মাৰুতি ভানে নিয়ন্ত্ৰণ হেৰুৱাই জাব্ৰিকুছিৰ জালাল থানৰ পদূলিত বহি থকা দুই ভনীয়েক ৰেজিয়া খাতুন (৬২) আৰু দৈলতজান (৫৯)ক মহতিয়াই নিয়ে। ভানখনৰ চেপাত দুয়োগৰাকী ভগ্নী থিতাতে নিহত হয়।

ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত স্থানীয় ৰাইজে এ এছ-০১-ডি কিউ- ৪৮১০ নম্বৰৰ মাৰুতি ভানখন পথৰ দাঁতিত জ্বলাই দিয়ে। ইয়াকে লৈ পৰিস্থিতি কিছু উত্তপ্ত হৈ পৰে। পথ দুৰ্ঘটনাত দুগৰাকীকৈ ভগ্নী নিহত হোৱাৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে বৰপেটাৰ কয়াকুছিৰ সমীপৱৰ্তী বুনবাহাৰ গাঁৱৰ হুছেইন আলীৰ পত্নী ৰেজিয়া খাতুনে এন আৰ চিৰ বংশবৃক্ষ পৰীক্ষণৰ শুনানিৰ বাবে জাব্ৰিকুছিৰ ভনীয়েকৰ ঘৰত আহি আছিল। দুয়োগৰাকী ভনীয়েকে পদূলিমূখত বহি কথা পাতি আছিল আৰু তেনেতে তীব্ৰবেগী ভানখনে দুয়োকে মহতিয়াই নিয়ে আৰু দুই ভগ্নী থিতাতে নিহত হয়।

Related News