বৰপেটাত সদৌ অসম ভিত্তিত প্ৰাইজমানি বৰগীত আৰু ভোৰতাল নৃত্য প্ৰতিযোগিতা

BhortalNritya

শংকৰী সংস্কৃতিৰ বিশিষ্ট শিল্পী, নীৰৱ সাধক তথা ভোৰতাল নৃত্যৰ ৰূপকাৰ প্ৰয়াত মহানন্দ সূত্ৰধাৰৰ জন্ম শতবাৰ্ষিকী উদ্যাপন কাৰ্যসূচীৰ লগত সংগতি ৰাখি অহা ১৭ মে’ত বৰপেটাত সদৌ অসম ভিত্তিত প্ৰাইজমানি বৰগীত আৰু পুৰুষৰ ভোৰতাল নৃত্যৰ আয়োজন কৰা হৈছে।

আয়োজকে জনোৱামতে, বৰপেটাৰ সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান শংকৰদেৱ কলাক্ষেত্ৰৰ সৌজন্যত অহা ১৭ মে’ত মিলন মন্দিৰ ৰংগমঞ্চত অনুষ্ঠিত হ’ব লগা বৰগীত প্ৰতিযোগিতা পুৱা ৯ বজাৰ পৰা আৰু ভোৰতাল নৃত্য প্ৰতিযোগিতা দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত হ’ব।

বৰগীত প্ৰতিযোগিতা এটা শাখাত অনুষ্ঠিত হ’ব। প্ৰতিযোগীৰ নিম্নতম বয়স ১২ বছৰৰ পৰা ২৫ বছৰৰ ভিতৰত হ’ব লাগিব।

আনহাতে পুৰুষৰ একক ভোৰতাল নৃত্য প্ৰতিযোগিতা এটা শাখাত অনুষ্ঠিত হ’ব। প্ৰতিযোগীসকলৰ বয়স ১২ বছৰৰ পৰা ২৫ বছৰৰ ভিতৰত হ’ব লাগিব। প্ৰতিযোগীয়ে গীতৰ ক্ষেত্ৰত কেছেটো ব্যৱহাৰ কৰিব পাৰিব।

দুয়োটা প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থানপ্ৰাপ্তসকলক ক্ৰমে ৫ হাজাৰ, ৪ হাজাৰ, ৩ হাজাৰ আৰু ২ হাজাৰ টকাৰ লগতে মানপত্ৰ প্ৰদান কৰা হ’ব বুলি আয়োজকে জনাইছে।

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুকসকলে বৰপেটাৰ শংকৰদেৱ কলাক্ষেত্ৰ, বৰপেটাৰ টাউন ফাৰ্মাচি অথবা ৯৯৫৭৪৯৩৮৬৬, ৭০০২২৭৯৫৯১ ফ’ন নম্বৰত যোগাযোগ কৰি যোগদান নিশ্চিত কৰিব পাৰে।