NORTHEAST NOW (Assamese)

বৰপেটাৰোডত ১২টা কেঁকোসাপ উদ্ধাৰ : দুজন লোকক আটক

April 24, 2018 8:01 am · এন ই নাও নিউজ

অন্ধবিশ্বাসৰ বাবেই বিৰল প্ৰজাতিৰ তথা সংকটাপন্ন কেঁকোসাপৰ এখন আন্তঃৰাষ্ট্ৰীয় বজাৰ গঢ়ি উঠা কথাটো সৰ্বজন বিদিত। আনহাতে আন্তঃৰাষ্ট্ৰীয় বজাৰত এটা কেঁকোসাপৰ কেইবা লাখ টকা মূল্য বুলি প্ৰচাৰিত খবৰক সাৰথি কৰি অসমত এই বিপন্ন প্ৰজাতিৰ প্ৰাণীবিধক ধৰি ইয়াৰ চোৰাং ব্যৱসায়ত লিপ্ত হৈ আহিছে বহুজন।

বৰপেটাৰোডতো এটা গোপন সূত্ৰৰ পম খেদি ২৩ এপ্ৰিলত আৰক্ষীয়ে অভিযান চলাই ইয়াৰ শিমলাগুৰিৰ পৰা ১২টা এনেকুৱা কেঁকোসাপ জব্দ কৰে। লগতে কেঁকোসাপকেইটাৰ সৰবৰাহৰ ঘটনাটোত জড়িত থকাৰ অভিযোগত দুজন লোকক আটক কৰে৷

আৰক্ষীয়ে আটক কৰা লোক দুজন হৈছে হাউলিৰ সমীপৰ খাইৰুল ইচলাম (৩৪) আৰু গোৱালপাৰাৰ ধূপধৰাৰ ৰফিকুল ইচলাম (২৬)৷ তেওঁলোকৰ পৰা AS- 15D/7989 নম্বৰৰ এখন বাইকো জব্দ কৰিছে বুলি সূত্ৰটোৱে জানিবলৈ দিছে।

Related News