আয়বহিৰ্ভূত সম্পত্তি আহৰণৰ অভিযোগত তদন্তৰ মুখামুখি হৈ থকা প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনৰ বাবে অধিক সংকট মাতি আনি অনিল ৰাজাই হুছেইন আৰু তেওঁৰ আত্মীয়ৰ সম্পত্তিৰ আন এখন তালিকা ৰাজহুৱা কৰিছে। ইয়াৰ জৰিয়তে অনিল ৰাজাই বিষয়টোক গম্ভীৰ কৰি তোলাৰ লগতে ৰকিবুল হুছেইনৰ বিৰুদ্ধে তেওঁ অনা অভিযোগক অধিক সবল কৰিলে।
অনিল ৰাজাই ২৩ এপ্ৰিলত এই নতুন তালিকাখন দি ৰকিবুল হুছেইন, তেওঁৰ মাতৃ লুটফুৰ নাহাৰ হুছেইন আৰু আত্মীয়-স্বজনৰ নামত বিশাল সম্পত্তি থকা বুলি দাবী কৰিছে। অভিযোগকাৰীজনে দিয়া তথ্য অনুসৰি ৰকিবুল হুছেইনৰ নামত কামৰূপ মহানগৰ জিলাৰ বেলতলা মৌজাৰ হাতীগাঁও কিচামতৰ ১৭৬৫নং খেৰাজ ম্যাদী পট্টাৰ ১৬৫৯নং দাগৰ ৮ কঠা মাটি, বেলতলা মৌজাৰ দ্বাৰবন্ধা গাঁৱৰ ৭.১২ কঠা মাটি (পট্টা নং ১৯৪৯, দাগ নং ১৫২৬ আৰু ২৫২৭) আছে।
আনহাতে ২৩ এপ্ৰিলত অনিল ৰাজাই আন এখন তালিকা প্ৰদৰ্শন কৰি বেলতলা মৌজাৰ ১৫৭১ নং পট্টাৰ ১৫২২ দাগৰ ৮.০২ কঠা, ৪৫৫নং পট্টাৰ ১৪৭৭ দাগৰ ৮.৯৯ কঠা মাটিৰ গৰাকীও ৰকিবুল হুছেইনেই বুলি দাবী কৰিছে। আনহাতে শিৱসাগৰ চহৰতো ৰকিবুল হুছেইনৰ নামত ১ কঠা ৫ লেচা মাটি ( পট্টা নং ৩৩২৫, দাগ নং ১৪১৫) আছে বুলি ৰাজাই দাবী কৰিছে।
নগাঁও চহৰত থকা তানজ অল ছুপাৰ মাৰ্কেটৰ গৰাকীও প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন বুলি অনিল ৰাজাই নতুনকৈ প্ৰকাশ কৰা তালিকাত উল্লেখ কৰিছে। ইয়াৰ উপৰি কলিয়াবৰ মহকুমাৰ অন্তৰ্গত আমনিৰ এন টি ৰিজ’ৰ্টখন ৰকিবুল হুছেইনে আত্মীয়ৰ নামত চলাই থকাৰো অভিযোগ কৰিছে ৰাজাই। প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ঘনিষ্ঠ জাকিৰ হুছেইনৰ নামত ৰকিবুলে বহু সম্পত্তি ক্ৰয় কৰা বুলি অভিযোগ তুলি অনিল ৰাজাই দাবী কৰে যে জাকিৰ হুছেইন ওৰফে গামেলক তদন্তৰ আওতালৈ আনিলে বহু তথ্য পোহৰলৈ আহিব।
উল্লেখযোগ্য যে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাত অনিল ৰাজাই তৰা গোচৰৰ ভিত্তিত ৰকিবুল হুছেইনৰ আয়বহিৰ্ভূত সম্পত্তিৰ তদন্ত চলি আছে। অনিল ৰাজাই দিয়া সম্পত্তিৰ নতুন তালিকাই এতিয়া এই তদন্তত নতুন মাত্ৰা দিয়াৰ সম্ভাৱনা আছে। ৰকিবুল হুছেইনৰ বিৰুদ্ধে আয়বহিৰ্ভূত সম্পত্তি আহৰণৰ অভিযোগ আনি দলীয় শাস্তি নিলম্বনৰ সন্মুখীন হোৱা অনিল ৰাজা পুনৰ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ সৰৱ হৈ পৰাটো বিশেষভাৱে মন কৰিব লগীয়া।
প্ৰসংগক্ৰমে ক’ব পাৰি যে বিগত পোন্ধৰ বছৰীয়া কংগ্ৰেছ চৰকাৰৰ দিনত বৰ্তমানৰ বিজেপি চৰকাৰৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইন সমগ্ৰ মন্ত্ৰীসভাখনৰ ভিতৰতে প্ৰভাৱশালী মন্ত্ৰী আছিল। দুয়োৰে সম্পত্তিৰ পৰিমাণ এই কালছোৱাতেই অভাৱনীয়ভাৱে বৃদ্ধি পোৱাটো সকলোৱে মন কৰি আছে। দুয়োজনৰ বিৰুদ্ধেই উত্থাপিত হৈছিল ব্যাপক দুৰ্নীতিৰ অভিযোগ।