বৰপেটাৰ চেঙাত সংঘটিত দুৰ্ঘটনাত শিশুসহ ৬ জন গুৰুতৰভাৱে আহত
আজি বৰপেটাৰ চেঙাত এক সংঘটিত পথ দুৰ্ঘটনাত শিশুসহ মহিলাকে ধৰি ছয়জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
প্ৰাপ্ত তথ্য অনুসৰি বহৰিৰ পৰা চেঙা অভিমুখে আহি থকা এ এছ ১৫ চি ১৫৯৫ নম্বৰৰ টেম্প’খন হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰাত টেম্প’খনে যাত্ৰী কেইজনক হেঁচা মাৰি ধৰে।
অৱশ্যে বিপৰীত দিশৰ পৰা আহি থকা এখন গাড়ীৰ যাত্ৰী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত দুৰ্ঘটনাত আহত সকলক উদ্ধাৰ কৰি চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহতসকলক নলবাৰীৰ আৰিকুছিৰ চন্দন বৰুৱা (২২), মৌটুপৰীৰ ক্ৰমে অৰুণ কুমাৰ তালুকদাৰ (৪৪), আৰু অংকাৰুণ তালুকদাৰ (৫), হাজোৰ ববিতা বেজবৰুৱা (৩৪), বাতিকুৰিহাৰ সাবিত্ৰী দাস (৩৭) আৰু বহৰিৰ নীলিমা কলিতা(৩১) বুলি জানিব পৰা গৈছে ৷
আহত সকলৰ ভিতৰত চন্দন বৰুৱাৰ আঘাত গুৰুতৰ হোৱাত চিকিৎসকে তাৎক্ষণিকভাৱে উন্নত চিকিৎসাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰে।
আনহাতে ভৰি, মূৰ আৰু বুকুত আঘাত পোৱা অৰুণ কুমাৰ তালুকদাৰ, অংকাৰুণ তালুকদাৰ আৰু ববিতা বেজবৰুৱাকো চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালয়লৈ প্ৰেৰণ কৰে ৷