শাসনলৈ আহিয়েই নাগালেণ্ডৰ নতুন চৰকাৰে ঘোষণা কৰা অনুসৰিয়ে এইবাৰ মিনি-হৰ্নবিল নামৰ এটা নতুন উৎসৱ পতাৰ যো-জা কৰিছে। আজি এই সন্দৰ্ভত এটা প্ৰেছ বিজ্ঞপ্তিত শাসনাধিষ্ঠিত মৰ্চা পি ডি এৰ বৃহত্তম দল এন ডি পি পিয়ে এই উৎসৱৰ প্ৰতি সমৰ্থন আগ বঢ়োৱাৰ লগতে জনজাতীয় উৎসৱৰ সৈতে একেলগে পাতিবলৈ লোৱা এই উৎসৱটোৱে ৰাজ্যখনৰ পৰ্য্যটন খণ্ডক নতুন বল দিব বুলি কয়।
এই নীতিয়ে সকলো দিশতে ব্যাপক প্ৰভাৱ পেলাব আৰু লগতে স্থানীয় অৰ্থনীতি আৰু নিয়োগ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব। ৫ এপ্ৰিলৰ বিবৃতিটো কয়।
দলটোৰ মতে, মিনি-হৰ্নবিল উৎসৱে নাগালেণ্ডৰ পৰ্য্যটনক বাস্তৱ আৰু সামগ্ৰিক কৰি ৰাজ্যখনৰ সকলো জিলালৈকে ইয়াৰ অৰ্থনৈতিক উপকাৰ বিয়পাই দিব।
“আমাৰ সমৃদ্ধ ঐতিহ্যৰ দৃঢ় অনুভৱ প্ৰোথিত কৰাৰ লগতে স্থানীয় অৰ্থনীতিক স্থায়ী উত্থান প্ৰদানেৰে ৰাজহ বৃদ্ধিত সহায় কৰিব।” এন ডি পি পি দলটোৱে নিজৰ বিবৃতিটোত এনেদৰে কয়।
দলটোৱে কয় যে বোধহয় এইটোৱে ৰাজ্যখনৰ একমাত্ৰ ডাঙৰ উৎসৱ, যি টেক্সি ড্ৰাইভাৰৰ পৰা আৰম্ভ কৰি ট্ৰেভেল কোম্পানি, হোটেল আৰু ৰেষ্টোৰা, পদপথৰ ব্যৱসায়ী, হস্ততাঁত আৰু কাৰুশিল্প, খাদ্য উদ্যোগ, ফেশ্যন ডিজাইনাৰ আৰু ইভেণ্ট মেনেজমেণ্ট কোম্পান আৰু অন্যান্য উদ্যোগীসকললৈ উপকাৰ কঢ়িয়াই আনে। বিবৃতিটোত আৰু কোৱা হৈছে যে দেশৰ পৰ্য্যটন মানচিত্ৰত নাগালেণ্ড ২৭ নং স্থানত আছে। “আমি একেলগে এই ৰেংক উন্নীত কৰিম।” এইদৰে কয়।
আনহাতে বিৰোধীয়ে চৰকাৰক এই সিদ্ধান্তটোৰ বাবে সমালোচনা কৰাটো দুৰ্ভাগ্যজনক বুলিও বিবৃতিটোত কোৱা হয়।