NORTHEAST NOW (Assamese)

বৰপেটাৰ হাউলীত উলহ-মালহেৰে উদযাপন ঈদ-উল-ফিটৰ

June 16, 2018 5:11 pm · আনিছুজ জামান
Updated: June 16, 2018 5:32 pm

এমাহ ৰোজা ৰখাৰ অন্তত ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত ঈদুল ফিটৰ উদযাপন কৰাৰ সমান্তৰালভাৱে বৰপেটা জিলাৰ হাউলীতো উলহ-মালহৰে উদযাপন কৰা হয় প্ৰবিত্র ঈদ-উল-ফিটৰ।

 হাউলীৰ কালজাৰৰ পুৰণা উত্তৰ কালজাৰ জামে মছজিদৰ ঈদগাহ ময়দানত পুৱা ৮ বজাত সমূহীয়াভাবে ঈদৰ নামাজ সম্পন্ন কৰা হয়। উক্ত নামাজত ইমামতি কৰে আলহাজ মৌলানা আব্দুল কাদিৰ অহেদে।

 তাৰোপৰি পশ্চিম হাউলী, নগৰজাৰ, কঠলিজাৰ, জয়পুৰ ঈদগাহ ময়দানত মৌলানা ৰুফিয়ান আহম্মদ কাচিমীৰ ইমামতিত ঈদুল ফিটৰৰ নামাজৰ সম্পন্ন কৰা হয়।

 আজিৰ এই প্ৰবিত্র দিনটোত ধনী-দুখীয়াৰ মাজৰ কোনো পাৰ্থক্য নাৰাখি ইজনে সিজনক আলিংগন কৰি ঈদৰ শুভেচ্ছা জনায়। এই ঈদৰ জৰিয়তে যাতে সমাজৰ পৰা অন্ধবিশ্বাস-কুসংস্কাৰ আঁতৰি  সকলো জাতি, ধৰ্মৰ মাজত শান্তি-সম্প্ৰিতি আৰু ভাতৃত্ববোধ বাৰ্তা কঢ়িয়াই আনে আৰু ৰাজ্যত হোৱা হত্যা, হিংসা, ধৰ্ষণৰ ধৰে জঘন্য ঘটনা ৰোধ হয় তাৰ বাবে সকলোৱে নামজৰ অন্তত সমূহীয়া ভাবে  আল্লাৰ ওচৰত দোৱা-প্ৰাৰ্থনা কৰে। লগতে সমগ্ৰ মানৱ জাতিৰ মংগল কামনো কৰে।

Related News