অসমত প্ৰায় ২ হাজাৰ কোটি টকা ব্যয়েৰে ১৯খন কেন্সাৰ হস্পিটেল নিৰ্মাণ কৰা হ’ব। অহা দুবছৰৰ ভিতৰত এই হস্পিটেলসমূহ সম্পূৰ্ণ কৰা হ’ব। এই কথা আজি এখন সংবাদমেল যোগে ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
অসম তথা উত্তৰ-পূবত কেন্সাৰ ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ সময়তে স্বাস্থ্য মন্ত্ৰীৰ এই অভিলাষী আঁচনিখনে আশাৰ ৰেঙনি আনিছে সমগ্ৰ উত্তৰ-পূবৰ কেন্সাৰৰোগীসকললৈ। সংবাদমেলত মন্ত্ৰীজনে জনোৱামতে, অসম চৰকাৰৰ স্বাস্থ্য বিভাগে টাটা ট্ৰাষ্টৰ সৈতে যৌথভাৱে গঠন কৰিছে ASSAM CANCER CARE FOUNDATION. এই ফাউণ্ডেইশ্যন ৫০-৫০ বৰঙনিৰে গঠিত হৈছে যদিও প্ৰাথমিক অৱস্থাত টাটা ট্ৰাষ্টৰ বৰঙনি হ’ব ৮৩০ কোটি টকা আৰু অসম চৰকাৰৰ বৰঙনি হ’ব ১০৮০ কোটি টকা। মুঠ ১৯১০ কোটি টকাৰ পুঁজিৰে ৰাজ্যৰ ১৯টা স্থানত প্ৰস্তাৱিত কেন্সাৰ হস্পিটেলকেইখন নিৰ্মাণ কৰা হ’ব। ইয়াৰে প্ৰথমখন হ’ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰিসীমাত থকা কেন্সাৰ হস্পিটেলখন। আনহাতে অসমৰ স্বাস্থ্য মন্ত্ৰীজন এই ফাউণ্ডেইশ্যনৰ অধ্যক্ষ হ’ব।
অহা ১৮ জুনত, অৰ্থাৎ পৰহিলৈ খানাপাৰাৰ পশু চিকিৎসাবিজ্ঞান মহাবিদ্যালয়স্থিত খেলপথাৰত এই চিকিৎসালয়কেইখনৰ বাবে ভূমিপূজন আৰু আধাৰশিলা স্থাপন অনুষ্ঠান আছে, য’ত উপস্থিত থাকিব ৰতন টাটা আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ।
স্বাস্থ্য মন্ত্ৰীজনে জনোৱা মতে, এই হস্পিটেলকেইখন তিনিটা স্তৰ বা মডেলৰ হ’ব। সেইবোৰ ক্ৰমে- এল-১, এল-২ আৰু এল-৩ ।
ইয়াৰে এল-১ খন হ’ব ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত আৰু ই ২০০ৰ পৰা ২৫০ খন বিছনাযুক্ত হ’ব।
আনহাতে এল-২ বোৰ হ’ব ৰাজ্যৰ চৰকাৰী মেডিকেল কলেজকেইখনত। ইয়াৰ বাবে মেডিকেল কলেজকেইখনৰ পৰা ৩ একৰ মাটি লোৱা হ’ব। এইবোৰত ৰোগপৰীক্ষা, কেম’, চাৰ্জাৰি সকলো হ’ব। এল-২ চিকিৎসালয়সমূহ ১৫০খন বিছনাযুক্ত হ’ব।
এল-৩ সমূহত প্ৰধানতঃ ডেই কেয়াৰ (DAY CARE )ৰ সুবিধা থাকিব। ইয়াত ঘাইকৈ ৰোগ পৰীক্ষা কৰা হ’ব। ৰেডিয়েইশ্যন ল’ব পাৰিব। এল-৩ কেন্সাৰ চিকিৎসালয়কেইখন হ’ব দৰং, গোৱালপাৰা, গোলাঘাট, হাফলং আৰু শিৱসাগৰত।
আনহাতে জনতা ভৱনত দিয়া আজিৰ সংবাদমেলত স্বাস্থ্য মন্ত্ৰীজনে তথ্য দাঙি ধৰি কয় যে অসমত প্ৰতি বছৰে ৩১৮২৫ গৰাকী কেন্সাৰৰোগী ধৰা পৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে আক্ৰান্তসকলৰ ৭০ শতাংশৰ পলমকৈ চিকিৎসা কৰিবলৈ অহা বাবে বা চিকিৎসা নোপোৱা বাবে মৃত্যু হয়।
ইফালে স্বাস্থ্য মন্ত্ৰীজনে নিজৰ ঘোষণাত অসমত এটা দক্ষিণ-পূব এছিয়া কেন্সাৰ গৱেষণা কেন্দ্ৰ স্থাপন কৰাৰ কথাও ঘোষণা কৰে। এই গৱেষণা কেন্দ্ৰটো হ’ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত।