বৰপেটা চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় পৰিদৰ্শন ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ

barpeta medical college hospital

পৰ্যাপ্ত চিকিৎসকৰ অভাৱ, ঔষধৰ নাটনি, আদিকে ধৰি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই। চিকিৎসা মহাবিদ্যালয় হস্পিতালখনত সৃষ্টি হোৱা বিভিন্ন সমস্যাই সৰ্বসাধাৰণক হাৰাশাস্তি কৰাৰ সময়তে আজি ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অৱস্থা যথেষ্ট উন্নত বুলি দাবী কৰে যদিও চিকিৎসা মহাবিদ্যালয়খনত কৰিবলগায়ী বহু কাম আছে বুলি তেওঁ স্বীকাৰ কৰে।

চিকিৎসা মহাবিদ্যালয় হস্পিতালখনত সৃষ্টি হোৱা লেতেৰা পৰিৱেশৰ হোৱা সত্তেও অজ্ঞাত কাৰণত মন্ত্ৰী পীযুষ হাজৰিকাই চিকিৎসা মহাবিদ্যালয় হস্পিতালখন যথেষ্ট চাফ-চিকুণ বুলি দাবী কৰে।

আজি দিনৰ প্ৰায় বাৰ বজাত চিকিৎসা মহাবিদ্যালয়খনৰ অৱস্থাৰ বুজ লোৱাৰ উদ্দেশ্যে উপস্থিত হোৱা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ বিভিন্ন দিশসমূহ পৰিদৰ্শন কৰে। ইয়াৰ পিচতে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ, অধীক্ষক আদিকে ধৰি চিকিৎসা মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষৰ সৈতে মন্ত্ৰীগৰাকীয়ে এক বৈঠক মিলিত হয়। এই বৈঠকত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী গৰাকীৰ ওচৰত কৰ্তৃপক্ষই বিভিন্ন সমস্যাৱলী দাঙি ধৰে। বৈঠকৰ পিচত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত কয় যে, বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অৱস্থা যথেষ্ট উন্নত। চিকিৎসা মহাবিদ্যালয়খনত কিছু সমস্যা থকা বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে এই সমস্যাসমূহ অতি শীঘ্ৰে আঁতৰোৱা হ’ব বুলি আশ্বাস প্ৰদান কৰে।

মন্ত্ৰীগৰাকীয়ে বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ সমস্যাসমূহ আঁতৰোৱাৰ ক্ষেত্ৰত ইতিমধ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰা হৈছে বুলিও উল্লেখ কৰে। ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিতালত স্থাপন কৰিবলগা কৰ্কট হস্পিতালখন অতি শীঘ্ৰে স্থাপন কৰা হ’ব বুলি উল্লেখ কৰি কয় যে, এইক্ষেত্ৰত ইতিমধ্যে যো-জা চলোৱা হৈছে। চিকিৎসা মহাবিদ্যালয় হস্পিতালখন পৰিচালনাৰ ক্ষেত্ৰত যোৱা বছৰ চৰকাৰৰ তৰফৰ পৰা পৰ্যাপ্ত ধন আহিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই বছৰো পৰ্যাপ্ত ধন আহিব বুলি মন্তব্য কৰে।

আনহাতে, চাহ বাগানত দেখা দিয়া স্বাস্থ্যজনিত সমস্যা সন্দৰ্ভত মন্তব্য কৰি ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ৰাজ্যখনৰ প্ৰায় ৭৫০ খন চাহবাগানত ভাল চিকিৎসা সুবিধা নাই। এই চাহ বাগানসমূহৰ ভিতৰত অধিক সংখ্যক চাহবাগানত চিকিৎসালয় স্থাপন কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা আছে বুলি উল্লেখ কৰে। তেওঁ কয় যে, বেচি ভাগ চাহ বাগানৰে ভূমি চৰকাৰী নহয়। এই ভূমি চাহবাগানসমূহৰ মালিকৰ। ইয়াৰ বাবেই চাহ বাগানসমূহত চৰকাৰীভাৱে হস্পিতাল স্থাপন কৰাত অসুবিধা আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, চাহ বাগানসমূহত কাম কৰা লোকসকলৰ বাবে চৰকাৰে ভ্ৰাম্যমান চিকিৎসা গোট আৰম্ভ কৰিছে।

ইপিনে, নাগৰিকত্ব আইনৰ সংশোধনী বিধেয়ক সন্দৰ্ভত মন্তব্য কৰাৰ পৰা বিৰত থাকি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, নাগৰিকত্ব আইনৰ সংশোধনী বিধেয়ক সন্দৰ্ভত ইতিমধ্যে দলে সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম শেষ হোৱাৰ পিচতহে দলে মন্তব্য প্ৰকাশ কৰিব বুলি কয় মন্ত্ৰীগৰাকীয়ে। চিকিৎসা মহাবিদ্যালয় হস্পিতাল পৰিদৰ্শন কৰা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাই এখন স্মাৰকপত্ৰ প্ৰদান কৰে। সংস্থাই স্মাৰকপত্ৰখনৰ জৰিয়তে চিকিৎসা মহাবিদ্যালয়খনৰ বিভিন্ন সমস্যা দাঙি ধৰে। সংস্থাই স্মাৰকপত্ৰখনৰ যোগেদি কৰ্মচাৰীসকলৰ বাবে কোনোধৰণৰ চৰকাৰী আবাসৰ ব্যৱস্থা নকৰা, কৰ্মচাৰীসকলৰ দুচকীয়া বাহনৰ বাবে কোনোধৰণৰ নিৰাপদ আস্থানৰ ব্যৱস্থা নকৰা, মহিলা কৰ্মচাৰীসকলৰ বাবে শিশু পৰিচৰ্যা গৃহৰ অভাৱ আদি সমস্যাসমূহ দাঙি ধৰি এই সমস্যাসমূহ আঁতৰ কৰাৰ বাবে দাবী জনায়।  মন্ত্ৰীগৰাকীয়ে বৰপেটা পৌৰসভাৰ কাৰ্যালয়ত উপস্থিত হৈ পৌৰসভাৰ কাম-কাজৰো বুজ লয়।