বৰাকত বান পৰিস্থিতিৰ অধিক অৱনতি: দুজনৰ মৃত্যু, কাছাৰত শতাধিক গাঁও প্লাবিত

ATTACHMENT

যোৱা কেইদিনমানৰ পৰা চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত বৰাক আৰু  কুচিয়াৰা নদীৰ পানী বিপদ সীমাৰ ওপৰলৈ বৈ যোৱাত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। সেয়েহে সম্প্ৰতি ভয়াৱহ ৰূপ লৈছে বৰাক উপত্যকাৰ বানে।

উল্লেখযোগ্য যে বৰাকৰ লগতে উপনৈ মধুৰা, সোণাই, ধলেশ্বৰী, চিৰি, জিৰি,ডলু , জাতিংগা, কাটাখাল আদি নৈৰ বাঢ়নী পানীয়ে বান পৰিস্থিতিয়ে অধিক ভয়াৱহ ৰূপ লৈছে। ইতিমধ্যে ডলু নদীৰ বাঢ়নী পানীৰ প্রবল সোঁতত ৰীণা মূৰা (৪০)নামৰ এজনী মহিলাৰ লগতে লক্ষীপুৰত আন এজন লোক উটি যায়। সম্প্ৰতি শিলচৰৰ বৰাক নদীৰ অন্নপূৰ্ণা ঘাটত বিপদসীমা 19,83 মিটাৰ। আজি পুৱা সাতমান বজাত 21,27 চেন্টিমিটাৰ ওপৰেদি পানী বাগৰিছে।

কাছাৰ জিলাৰ উপায়ুক্ত এছ লক্ষনাণে এই সন্দৰ্ভত কয় যে ডলু নদী পাৰ হ’বলৈ গৈ এজনী মহিলাৰ মৃত্যু হোৱাৰ পাছত আৰু এজন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। ইতিমধ্যে কাছাৰ জিলাৰ ১২০ খন গাঁও পানীৰ তলত বুৰ গৈছে আৰু প্ৰায় ১৫ হেজাৰ লোক বানৰ কবলত পৰিছে। শিলচৰ চহৰত অতি কমেও প্ৰায় এহেজাৰ লোক চৰকাৰী স্কুলৰ আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে।

বৰখলা সমষ্টিৰ দুৰ্গত লোকক উদ্ধাৰৰ বাবে আছাম ৰাইফলছৰ জোৱান আৰু লক্ষীপুৰত এছডিআৰএফৰ সহায় লৈছে প্ৰশাসনে। আনহাতে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্রী পৰিমল শুক্লবৈদ্যই শিলচৰৰ আশ্ৰয়  শিবিৰ সমূহ পৰিদর্শন কৰি পৰ্যাপ্ত সাহাৰ্য সামগ্ৰী বিতৰণৰ নিৰ্দেশ দিছে। ইপিনে শিলচৰ- কৰিমগঞ্জ ৰাষ্ট্রীয় ঘাইপথ আৰু শিলচৰ- আইজল পথ পানীৰ তলত বুৰ যোৱাত যান-বাহনৰ চলাচল বন্ধ ৰখা হৈছে। কেইবা ঠাইত ভূমিস্খলন হোৱাত শিলচৰ-লামডিং ৰেলপথ যোৱা দুই দিনৰ পৰা বন্ধ থকাত বৰাক ,ত্ৰিপুৰাৰ  ৰেল যাতায়াত বন্ধ ৰখা হৈছে৷  বৰাক নদীৰ পানী বিপদ সীমাৰ ওপৰেৰে যোৱাত নাও চলাচল বন্ধ ৰখা হৈছে।

তদুপৰি কাটিগৰাৰ শিয়ালটেক এলেকাত  আশ্ৰয় শিবিৰ খোলা হৈছে । কাছাৰ জিলাত ২৪ টা গড়কাপ্তানী পথ পানীৰ তলত বুৰ যোৱাত যাতায়াত ব্যৱস্থা বন্ধ ৰখা হৈছে। বৰ্তমানলৈ জিলাখনৰ প্ৰায় পাচঁ শতাধিক হেক্টৰ কৃষি ভূমি বানৰ কবলত পৰিছে। জিলাখনৰ ঠায়ে ঠায়ে মথাউৰি ছিগাৰ উপৰি শিলচৰ চহৰৰ শ্লুইচ গেটৰ ওপৰেদি বাঢ়নী পানী সোমাই অহাত বহু এলেকা পানীৰ তলত বুৰ গৈছে।