NORTHEAST NOW (Assamese)

‘ভট্টদেৱ বিশ্ববিদ্যালয়’ৰ কাম-কাজ শীঘ্ৰে আৰম্ভ কৰিবলৈ শিক্ষা মন্ত্ৰীক অনুৰোধ বিধায়ক পবিন্দ্ৰ ডেকাৰ

July 28, 2018 3:44 pm · শশাংক তালুকদাৰ

পাটাছাৰকুছি বিধানসভা সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকাই ভট্টদেৱ বিশ্ববিদ্যালয়খনৰ সকলো কাম-কাজ শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ এখন পত্র প্রেৰণ কৰি আহ্বান জনায়।

চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰা বিশ্ববিদ্যালয়খনত পাঠদান কাৰ্যসূচী আৰম্ভ কৰাৰ বাবে আজি কিছু দিন আগতে এক পত্ৰৰ জৰিয়তে শিক্ষা মন্ত্ৰীক এই অনুৰোধ জনাইছে বিধায়কগৰাকীয়ে।

উল্লেখযোগ্য যে পাঠশালাস্থিত বজালী কলেজক ৰাজ্য চৰকাৰে ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত কৰিছিল আৰু ইয়াৰ বাবে চৰকাৰে ২ কোটি টকাৰো অনুদান আগবঢ়াইছিল।

চলিত বৰ্ষৰ জুন মাহতে পূৰ্বৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয়খনৰ বাবে এগৰাকী উপাচাৰ্য নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু বাস্তৱত সেয়া হৈ উঠা নাই। তাৰোপৰি পত্ৰখনত বিধায়কগৰাকীয়ে উল্লেখ কৰি কয় যে এই বিশ্ববিদ্যালয়খন আৰম্ভ হোৱাৰ বাবে স্থানীয় লোকসকল অধীৰ আগ্ৰহেৰে ৰৈ আছে।

আনহাতে পাটাছাৰকুছিত প্ৰস্তাৱিত উপ-কোষাগাৰটো শীঘ্ৰে স্থাপন কৰাৰ বাবেও বিধায়কগৰাকীয়ে ৰাজ্যৰ বিত্ত মন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে যোৱা ১৭-১৮ বৰ্ষৰ বাজেট অধিৱেশনতে বিত্ত মন্ত্ৰীগৰাকীয়ে পাটাছাৰকুছিত এটা উপ-কোষাগাৰ স্থাপন কৰিব বুলি ঘোষণা কৰিছিল।

এই পত্ৰতে তেওঁ উল্লেখ কৰি কয় যে চলিত বিত্তীয় বৰ্ষৰ ভিতৰতে যদি ৰাজ্য চৰকাৰে এই উপ-কোষাগাৰটো স্থাপন কৰাৰ ব্যৱস্থা লয় তেন্তে স্থানীয় ৰাইজ যথেষ্ট উপকৃত হ’ব।

Related News