NORTHEAST NOW (Assamese)

ভবিষ্যতে অধ্যাপিকা হোৱাৰ মন কলা শাখাত সপ্তম স্থানপ্ৰাপ্ত ত্ৰিপৰ্ণা বৰাৰ

May 31, 2018 10:03 pm · মিন্টূ দাস
আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ কলা শাখাত নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা সপ্তম স্থান লাভ কৰি ত্ৰিপৰ্ণা বৰাই নগাঁৱলৈ গৈৰৱ কঢ়িয়াই আনিছে। ত্ৰিপৰ্ণাই ভবিষ্যতে এগৰাকী ভাল অধ্যাপিকা হোৱাৰ সপোন পুহি ৰাখিছে।
নগাঁও চহৰৰ আমোলাপট্টিৰ ব্যৱসায়ী পৰমেশ কুমাৰ বৰা আৰু বন্দনা কুমাৰ বৰাৰ কন্যা ত্ৰিপৰ্ণাৰ অধ্যয়নৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট সময়সীমা নাছিল। মন গলেই অধ্যয়ন কৰা ত্ৰিপনাৰ মতে ছাত্ৰ-ছাত্ৰীক অধ্যয়নৰ ক্ষেত্ৰত জোৰ দিয়াৰ সলনি মুক্ত মনেৰে পঢ়িবলৈ দিব লাগে।
আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে এই বিধেয়কখনে অসমৰ ৰাইজক ক্ষতি কৰিব, সেয়ে এই বিধেয়কখন তেওঁ সৰ্মথন নকৰে।
এই সাফল্যৰ বাবে তেওঁ ৰামানুজনৰ অধ্যক্ষ সহ শিক্ষক-শিক্ষয়িত্ৰী, পৰিয়াল, পিতৃ -মাতৃ, বন্ধু-বান্ধৱক কৃতিত্ব দিব বিচাৰ।
উল্লেখযোগ্য যে ৯৫.৮ শতাংশ পোৱা ত্ৰিপৰ্নাই ইংৰাজীত ৯৪, ঐচ্ছিক ইংৰাজীত ৯৬, শিক্ষাত ৯২, তৰ্ক আৰু দৰ্শনত ১০০, সমাজতত্ত্বত ৯৭, ভূগোলত ৯২ সহ সৰ্ভমুঠ ৪৭৯ নম্বৰ লাভ কৰিছে।

Related News