ভাৰতক চাহ উৎপাদনত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থান লোৱাত সহায় কৰিলে অসমে

অসমৰ চাহে ৰাজ্যখনৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা লৈ অহাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত সৰু ৰাজ্যখনৰ চিনাকি দাঙি ধৰি আহিছে। শেহতীয়াকৈ পোৱা এক খবৰ মতে অসমৰ চাহে আকৌ এবাৰ ৰাজ্যখনক গৌৰৱিত কৰিছে। জানিব পৰা মতে, ভাৰতে চাহ উৎপাদনত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থান অধিকাৰ কৰিছে। আৰু এইটো সফলতা বিশেষকৈ অসমৰ কাৰণেই দেশে লাভ কৰা বুলি জানিব পৰা গৈছে।

সূত্ৰটোৰ মতে ভাৰতে প্ৰতি বছৰে গড় হিচাপত ৯,০০,০৯৪ টন চাহ উৎপাদন কৰে। যিটো চীনৰ পিছতে সৰ্বাধিক। সূত্ৰটোৰ পৰা এই কথাও গম পোৱা গৈছে যে মুঠ উৎপাদনৰ ৭০ শতাংশ দেশত ব্যৱহৃত হয়। এই চাহৰ বেছিভাগেই অসম আৰু দাৰ্জিলিঙত উৎপাদিত হয়।

উল্লেখযোগ্য যে ব্ৰিটিছসকলৰ দিনৰ পৰাই চাহ উদ্যোগটোৱে ৰাজ্যখনৰ অৰ্থনীতিত বৃহৎ ভূমিকা লৈ আহিছে। ব্ৰিটিছৰ শাসনৰ সময়ত চাহৰ বাবেই অসমৰ পৰিচয় বিদেশত অতি চিনাকি হৈ পৰিছিল। আনকি উজনি অসমৰ ডিখাৰী চাহ বাগিচাকে আদি কৰি কেইখনমান চাহ বাগিচা ইমানেই বিখ্যাত হৈ পৰিছিল যে লণ্ডন আদি ঠাইৰ পৰা পঠিওৱা চিঠিত ডিখাৰী চাহ বাগিচা বুলি লিখি দিলেই কোনো খেলিমেলি নোহোৱাকৈ সেই ঠিকনাত আহি পাইছিল।

এতিয়াও ৰাজ্যখনত এই খেতি প্ৰচুৰ জনপ্ৰিয়তাৰ মাজত আছে। বিশেষকৈ উজনি অসমত ব্যাপকভাৱে চাহ খেতি কৰা হয়। ক্ষুদ্ৰ চাহখেতিয়কসকলৰ অৱদানৰ এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য। উজনিৰ বহু খেতিয়কে অন্য খেতিৰ পৰা চাহখেতিলৈ নিজৰ প্ৰব্ৰজন অব্যাহত ৰাখিছে।

এনে পৰিপ্ৰেক্ষিতত অসমত চাহ উৎপাদনৰ হাৰ ক্ৰমাগতভাৱে উৰ্ধ্বমুখী হৈছে আৰু ই দেশৰ অৰ্থনীতিত ডাঙৰ অৱদান দি আহিছে।