NORTHEAST NOW (Assamese)

ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত সফলতা দেখুওৱা সকলক অভিনন্দন মুখ্য মন্ত্রী সোণোৱালৰ

April 27, 2018 10:03 pm · এন ই নাও নিউজ

ভাৰতীয় অসামৰিক সেৱাৰ ২০১৭ চনৰ পৰীক্ষাত কৃতকাৰ্যতা অৰ্জন কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনা প্ৰতিগৰাকী সফল প্ৰাৰ্থীক আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।

আজি এক প্ৰেছ বিবৃতি যোগে মুখ্য মন্ত্ৰী সোণোৱালে কয় যে দেশৰ আটাইতকৈ কঠিন আৰু সন্মানীয় পৰীক্ষা হিচাপে বিবেচিত ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ সৰ্বভাৰতীয় পৰ্যায়ত ৰাজ্যখনৰ নাম উজ্জ্বলোৱাটো অতি গৌৰৱৰ বিষয়। ইয়াৰ জৰিয়তে ৰাজ্যখনৰ ভৱিষ্যৎ প্ৰজন্মই অনুপ্ৰেৰণা লাভ কৰিব বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।

এই মেধাৱী প্ৰাৰ্থী সকলে দেশ তথা ৰাজ্যখনৰ উন্নয়নৰ বাবে আত্মনিয়োগ কৰি যাব বুলি মুখ্য মন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।

Related News