অচিৰেই বিজেপিত যোগদান কৰিব বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে

JitenGogoi

জিতেন গগৈ: ফাইল ফটো

অচিৰেই গেৰুৱা বসন পিন্ধিব কাজিৰঙাৰ স্বয়ম্ভু ৰজা তথা বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে ৷ দুটা কাৰ্যকাল বোকাখাতৰ বিধায়কৰূপে থকাৰ সময়তে বহু বিতৰ্কৰ সুত্ৰপাত কৰি বিভিন্ন গোচৰত সাঙোৰ খাই পৰা প্ৰাক্তন বিধায়ক গৰাকীয়ে শেষতীয়াকৈ ভাৰতীয় জনতা পাৰ্টিত যোগদানৰ সিধান্ত গ্ৰহন কৰিছে ৷

বোকাখাত নিৰ্মাণ গোট নামৰ এটা বেচৰকাৰী সংগঠনৰ নেতৃত্ব দি অহা জিতেন গগৈয়ে বৃহস্পতিবাৰে নিজৰ ৫৬ তম জন্মদিনত নিৰ্দলীয় পোচাক খুলি গেৰুৱা বসন পিন্ধাৰ কথা ঘোষণা কৰে।

জিতেন গগৈৰ মতে দলটোত যোগদানৰ বাবে তেওঁ ইতিমধ্যে সিধান্ত গ্ৰহন কৰিছে যদিও ইয়াৰ আনুষ্ঠানিকতা বাকী আছে ৷

একমাত্ৰ বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈহে দলটোলৈ যোৱাৰ ইংগিত দি প্ৰাক্তন বিধায়ক গৰাকীয়ে বিজেপিত যোগদানৰ ক্ষেত্ৰত দলটোৰ শীৰ্ষ বিষয়ববীয়াৰে আলোচনা চলি থকা বুলি সাংবাদিকক সদৰী কৰে ৷

তেওঁ কয় যে, বিগত বিধান সভা নিৰ্বাচনসমূহত বোকাখাত নিৰ্মাণ গোটে সমষ্টিটোত নিৰ্নয়কৰ ভূমিকা পালন কৰাৰ লগতে সমবায় নিৰ্বাচন আৰু বোকাখাত নগৰ সমিতিৰ নিৰ্বাচনটো তেওঁৰ সংগঠনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷

সমাগত পঞ্চায়ত নিৰ্বাচন আৰু আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি দলক মুক্তভাৱে সমৰ্থন জনাব বুলি উল্লেখ কৰি তেওঁ এইক্ষেত্ৰত আনুষ্ঠানিকতা সম্পন্ন নহলেও বোকাখাত নিৰ্মাণ গোটে পঞ্চায়ত নিৰ্বাচনত বিজেপি দলক সমৰ্থন জনাব বুলি কয় ৷

মন কৰিব লগীয়া যে যোৱা শিৱ ৰাত্ৰিৰ দিনা নুমলীগড়ৰ শিৱ মন্দিৰৰ ঘটনাৰ পাচত কংগ্ৰেছ দলৰ ভালে কেইগৰাকী নেতাই জিতেন গগৈৰ কাষ চাপিছিল যদিও শেষতীয়াকৈ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিহে তেওঁ মুকলি সমৰ্থন আগবঢ়াইছে।