NORTHEAST NOW (Assamese)

ভাৰতীয় জাতীয় ফুটবল দলত অসমৰ বিনীত ৰায়

May 17, 2018 3:51 pm · এন ই নাও নিউজ
Updated: May 17, 2018 3:53 pm

অসমৰ ফুটবল প্ৰেমীৰ বাবে এক সুখবৰ। অনাগত হিৰো ইণ্টাৰনেশ্যনেল কাপৰ বাবে ভাৰতীয় ছিনিয়ৰ ফুটবল দলৰ প্ৰস্তুতি শিবিৰলৈ আমণ্ট্ৰণ লাভ কৰিছে অসমৰ আন এজন প্ৰতিভাশালী ফুটবলাৰ বিনীত ৰায় ।

হিৰো ইণ্টাৰনেশ্যনেল কাপত অংশ ল’বলগীয়া ভাৰতীয় দলত মিডফিল্ডাৰৰ গুৰু দায়িত্ব বহন কৰিব এইগৰাকী অসমৰ ফুটবলাৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ঘোষণা কৰা ৩০ জনীয়া ভাৰতীয় দলত বিনীত ৰায়ে স্থান লাভ কৰিবলৈ ব্যৰ্থ হৈছিল। কিন্তু ভাৰতীয় ফুটবল দলৰ অভিজ্ঞ মিডফিল্ডাৰ ধনপাল গণেশ অসুস্থ হোৱাত এই সুযোগ লাভ কৰে বিনীতে।

স্মৰ্তব্য যে বিনীতৰ উপৰি অসমৰ আন দুগৰাকী ফুটবলাৰ ক্ৰমে হলিচৰণ নাৰ্জাৰী আৰু এলেন দেউৰীয়ে পূৰ্বতে ভাৰতীয় দলত স্থান লাভ কৰাৰ লগতে বৰ্তমান দুয়োজন খেলুৱৈয়ে মুম্বাইত প্ৰস্তুতি শিবিৰত ব্যস্ত আছে।

উল্লেখ্য যে মুম্বাইত ১ জুনৰ পৰা অনুষ্ঠিত হ’বলগীয়া বহু প্ৰত্যাশিত হিৰো ইণ্টাৰনেশ্যনেল কাপত ভাৰতৰ সৈতে অংশগ্ৰহণ কৰিব দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড আৰু চাইনিজ টাইপে।

Related News