ভাৰতীয় ফুটবলৰ পিতৃ পুৰুষ তালিমেৰেন আওক সুঁৱৰি

T-Ao

তালিমেৰেন আও

তালিমেৰেন আওৰ জন্ম হৈছিল তাহানিৰ অবিভক্ত অসমৰ নাগা পাৰ্বত্য জিলাৰ চাংকিত ১৯১৮ চনৰ ২৮ জানুৱাৰিত। পিতাক ৰেৱাৰেণ্ড চুবংৱতি নিংদাংগ্ৰি আও আৰু মাক মাওংচাংলা আওৰ ১১ গৰাকী সন্তানৰ তেওঁ আছিল ৪ৰ্থ জন।

১৯৪৩ চনত মোহন বাগানত যোগ দিয়া আৱে শৰত দাসৰ পিছত (এসময়ত কটন কলেজত আওৰ জ্যেষ্ঠ) ১৯৪৮ আৰু ১৯৪৯ চনত ‘ডাঠ ৰঙা আৰু সেউজীয়া’ দলটোৰ নেতৃত্ব দিছিল।

শৰত দাস আৰু আও দুয়োগৰাকীয়েই গুৱাহাটীত মহাৰাণা ক্লাবৰ হৈ খেলিছিল।

মোহন বাগানত ডিফেণ্ডাৰ হিচাপে খেলা আও ‘চীনৰ বৃহৎ প্ৰাচীৰ’ বুলি জনপ্ৰিয় আছিল।

আৱে ১৯৪৮ চনৰ লণ্ডন অলিম্পিকলৈ যোৱা ভাৰতীয় ফুটবল দলৰ নেতৃত্ব দিছিল।

আও তাহানিৰ কেলকাতাৰ (এতিয়া ক’লকাতা) আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আছিল।

১৯৬৩ চনত এম বি বি এছ উপাধি পোৱাৰ পিছত আও নাগালেণ্ডলৈ ঘূৰি আহে সহকাৰী অসামৰিক শল্য চিকিৎসক ৰূপে সেৱা আগবঢ়ায়। ১৯৭৮ চনত নাগালেণ্ড স্বাস্থ্য সেৱাৰ সঞ্চালক হিচাপে তেওঁ অৱসৰ লয়।

মোহন বাগান ক্লাবে ২০০২ চনত আওক মোহন বাগান ৰত্ন আৰু জীৱনজোৰা সদস্য সন্মান প্ৰদান কৰে। অসমত তেওঁৰ নামত ক’লীয়াবৰত এটা ষ্টেডিয়াম থকাৰ লগতে কটন কলেজৰ ইন্ড’ৰ ষ্টেডিয়ামটো আওৰ নামত উছৰ্গা কৰা হৈছে।

১৯৯৮ চনৰ আদিভাগত বতৰৰ ইনফ্লুৱেঞ্জাত আক্ৰান্ত হোৱা বহুমূত্ৰৰোগী আওক ডিমাপুৰৰ পৰা কহিমালৈ নিয়াৰ পিছত ১৩ চেপ্তেম্বৰত নাগা অসামৰিক চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখযোগ্য যে তালিমেৰেন আওৰ নামত ৰাজ্যপাল জগদীশ মুখীয়ে আজি এক ডাক টিকট উন্মোচন কৰে।