NORTHEAST NOW (Assamese)

ৰয়েল টাই দূতাবাসৰ ৰাষ্ট্ৰদূতৰ এডভাণ্টেজ অসম বৈঠকত অংশ গ্ৰহণ

December 29, 2017 5:24 pm · এন ই নাও নিউজ
Updated: December 29, 2017 5:27 pm

আজি এডভাণ্টেজ অসমৰ এক বৈঠকত অংশ গ্ৰহণ কৰি ৰয়েল টাই দূতাবাসৰ ভাৰতৰ ৰাষ্ট্ৰদূত চ্চুন্টিন্টৰ্ন গংছাকডিয়ে জনায়, ‘অসমক আমি বৃহত্তম সীমান্ত বাণিজ্য কেন্দ্ৰ হিচাপে লৈছো আৰু আমি ভাৰতীয় পৰিবাহক পোৱাৰ আশা কৰিছো।’ বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ সন্মুখত ৰাখি অসম চৰকাৰে দেশ-বিদেশৰ বিনিয়োগকাৰীক অসমলৈ আকৰ্ষণ কৰাৰ চেষ্টা কৰি আছে। উক্ত সন্মিলন উপলক্ষে দেশ-বিদেশৰ বিভিন্ন স্থানত অসম চৰকাৰে বিভিন্ন ৰ’ড শ্ব’ৰো আয়োজন কৰি আহিছে। ইতিমধ্যে দিল্লী, মুম্বাই, বাংগালুৰ, হাইদৰাবাদ, চিংগাপ’ৰ, তৰণ্ট’, নিউইয়ৰ্ক আৰু টকিয়’ত হোৱা ৰ’ড শ্ব’ই ধনাত্মক সঁহাৰি লাভ কৰিছে। ৩ আৰু ৪ ফেব্ৰুৱাৰিত হ’ব লগা উক্ত সন্মিলনৰ অংশ হিচাপে কলকাতা, চেন ফ্ৰান্সিস্ক’ আৰু চিউলতো ৰ’ড শ্ব’ অনুষ্ঠিত হয়। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব লগীয়া সন্মিলনখনত ৰতন তাতা, মুকেশ আম্বানি আদি ব্যৱসায়ীয়েও অংশ গ্ৰহণ কৰিব। তাৰোপৰি দেশ-বিদেশৰ প্ৰায় ২০০০ গৰাকী উদ্যোগী আৰু প্ৰতিনিধিয়ে এই সন্মিলনত অংশ গ্ৰহণ কৰাৰ কথা।ইতিমধ্যে  শীৰ্ষস্থানীয় উদ্যোগপতি তাতা, আম্বানি, গডৰেজ, কিশোৰ বিয়ানি, গৌতম সিংহানিয়া, হৰ্চ মাৰিৱালা, সুভাচ চন্দ্ৰা আদিৰ সৈতে অসমৰ মুখ্য মন্ত্ৰীয়ে ব্যক্তিগতভাৱে বৈঠকত মিলিত হৈছিল।

Related News