• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতৰ মুখ্য ন্যায়াধীশক তীব্ৰ সমালোচনা কৰা ৪ গৰাকী জ্যেষ্ঠ ন্যায়াধীশৰ এজন অসমৰ ৰঞ্জন গগৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 12, 2018 10:51 pm
ন্যায়াধীশ সকলৰ সংবাদমেল

ন্যায়াধীশ সকলৰ সংবাদমেল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতবৰ্ষৰ ন্যায়িক ইতিহাসত এক নোহোৱা নোপজা ঘটনাৰ সূত্ৰপাত ঘটাই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰক তীব্ৰভাৱে সমালোচনা কৰি মুখ্য ন্যায়াধীশে ‘তেওঁলোকৰ উদ্বিগ্নতাক উপেক্ষা কৰা’ আৰু সৰ্বোচ্চ ন্যায়ালয়খনৰ ‘সব ঠিকে ঠাকে চলি থকা নাই’ বুলি বুলি কালি নতুন দিল্লীত সংবাদমেল পাতি ঘোষণা কৰা ৪ গৰাকী জ্যেষ্ঠতম ন্যায়াধীশৰ অন্যতম এজন আছিল অসমীয়া ন্যায়াধীশ ৰঞ্জন গগৈ।

ন্যায়াধীশ চেলামেশ্বৰৰ বাসগৃ্হত সংবাদ মাধ্যমৰ আগত মুখ্য ন্যায়াধীশ মিশ্ৰৰ বিৰুদ্ধে তেওঁলোকৰ মুকলি ক্ষোভ প্ৰকাশ কৰাৰ সময়ত ন্যায়াধীশ গগৈৰ উপৰিও ন্যায়াধীশ জে চেলামেশ্বৰ, ন্যায়াধীশ মদন বি লকুৰ আৰু ন্যায়াধীশ কুৰিয়েন জ’ছেফো উপস্থিত আছিল।

ন্যায়াধীশসকলে কয় যে বাধ্যত পৰি তেওঁলোকে এই কাহানিও নোহোৱা নোপজা পদক্ষেপ ল’বলগীয়া হৈছে যিহেতু দেশবাসীক এই বাৰ্তা জনাবলৈ তেওঁলোকৰ হাতত ‘অন্য কোনো উপায় নাছিল’।

দ্বিতীয় সৰ্বজ্যেষ্ঠ ন্যায়াধীশ চেলামেশ্বৰৰ বক্তব্য ইণ্ডিয়ান এক্সপ্ৰেছে উদ্ধৃত কৰা অনুসৰি, ‘আমাৰ সকলো প্ৰচেষ্টা বিফল হৈছে আৰু আমি সকলো নিশ্চিত যে যদি এই অনুষ্ঠানটো বচোৱা নহয় তেন্তে এই দেশত গণতন্ত্ৰক সুৰক্ষিত কৰিব পৰা নাযাব।’

তেওঁলোক চাৰিওজনেই নিজৰ নিজৰ ব্যক্তিগত মতহে আগবঢ়াইছে আৰু এই সন্দৰ্ভত কাৰোৰে লগত কোনো আলোচনা নাই কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে, ‘আজি ৰাতিপুৱা এটা বিশেষ অনুৰোধ লৈ আমি মুখ্য ন্যায়াধীশৰ ওচৰলৈ গৈছিলো, কিন্তু আমাৰ কথা শুনা নহ’ল।’

কি বিশেষ অনুৰোধ লৈ তেওঁলোক মুখ্য ন্যায়াধীশৰ ওচৰলৈ গৈছিল সাংবাদিকে জানিব বিচৰাত এই সন্দৰ্ভত তেওঁলোকে একো নজনালেও  মুখ্য ন্যায়াধীশলৈ কালি ৰাজহুৱা কৰা তেওঁলোকৰ পত্ৰখনত উল্লেখ আছে, ‘এনেকুৱা ঘটনা ঘটিছে য’ত দেশ আৰু অনুষ্ঠানটোৰ বাবে সুদূৰপ্ৰসাৰী পৰিণাম থকা গোচৰো এই ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে তেওঁলোকৰ পচন্দৰ পীঠক কোনো যুক্তিপূৰ্ণ ভিত্তি নোহোৱাকৈ গতাই দিছে। যিকোনো মূল্যৰ বিনিময়তে ইয়াক প্ৰতিৰোধ কৰিব লাগিব।’ চিঠিখনত লগতে কোৱা হৈছে, ‘আমি অনুষ্ঠানটোক বিব্ৰত নকৰিবৰ বাবেই কেৱল সকলো বিৱৰি উল্লেখ কৰা নাই কিন্তু লক্ষ্য কৰিছো যে এনে বিচ্যুতিসমূহে ইতিমধ্যেই এই অনুষ্ঠানটোৰ ভাবমূৰ্তিৰ কিছু দূৰলৈ ক্ষতি কৰিছে।’

সাংবাদিকৰ বাৰম্বাৰ প্ৰশ্নৰ পিছত ন্যায়াধীশ গগৈয়ে চিবিআইৰ বিশেষ ন্যায়াধীশ বি এইচ লয়াৰ মৃত্যু সন্দৰ্ভত সৃষ্টি হোৱা সমস্যাই তেওঁলোকক এই সংবাদমেলৰ বাবে তৎপৰ কৰি তুলিলে বুলি মন্তব্য কৰে।

ন্যায়াধীশ গগৈয়ে লগতে কয় যে, ‘তেওঁলোক কোনেও পদমৰ্য্যাদাৰ হানি কৰা নাই’ আৰু ‘যিটো কথা যেনেকুৱা তাক তেনেকৈয়ে জনাই আমি দেশৰ প্ৰতি আমাৰ কৰ্তব্যহে পালন কৰিছো।’

মুখ্য ন্যায়াধীশ মিশ্ৰৰ বিৰুদ্ধে মহাভিযোগ উত্থাপন কৰিব লাগে নেকি বুলি সোধাত ন্যায়াধীশ চেলামেশ্বৰে কয় যে, ‘দেশবাসীক এই বিচাৰৰ ভাৰ দিয়া হওক।’

উল্লেখযোগ্য যে ন্যায়াধীশ জ’ছেফৰ বাহিৰে বাকী তিনিওগৰাকী ন্যায়াধীশ- চেলামেশ্বৰ, গগৈ আৰু লকুৰে-গুৱাহাটী উচ্চ ন্যায়ালয়ত সেৱা আগবঢ়াই গৈছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাইৰ পদত্যাগৰ ঘোষণা

জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাইৰ পদত্যাগৰ ঘোষণা

September 7, 2025 4:11 pm
অৰুণাচল সীমান্তত পুনৰ উত্তেজনা!  ‘ভেঁকোভাওনা’ চৰকাৰৰ সীমা-বিবাদ সমাধানৰ দাবী

অৰুণাচল সীমান্তত পুনৰ উত্তেজনা!  ‘ভেঁকোভাওনা’ চৰকাৰৰ সীমা-বিবাদ সমাধানৰ দাবী

September 7, 2025 3:32 pm
ইতিহাস ৰচনা ভাৰতৰ অনুপৰ্ণা ৰায়ৰ, ৮২ সংখ্যক ভেনিচ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান অৰ্জন

ইতিহাস ৰচনা ভাৰতৰ অনুপৰ্ণা ৰায়ৰ, ৮২ সংখ্যক ভেনিচ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান অৰ্জন

September 7, 2025 3:15 pm
ৰহস্যৰ আৱৰ্তত গুৱাহাটীৰ বৰবাৰীৰ গেষ্ট হাউছত উদ্ধাৰ এটি নাবালক আৰু এজন যুৱকৰ মৃতদেহ

ৰহস্যৰ আৱৰ্তত গুৱাহাটীৰ বৰবাৰীৰ গেষ্ট হাউছত উদ্ধাৰ এটি নাবালক আৰু এজন যুৱকৰ মৃতদেহ

September 7, 2025 1:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাইৰ পদত্যাগৰ ঘোষণা

জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাইৰ পদত্যাগৰ ঘোষণা

September 7, 2025 4:11 pm
অৰুণাচল সীমান্তত পুনৰ উত্তেজনা!  ‘ভেঁকোভাওনা’ চৰকাৰৰ সীমা-বিবাদ সমাধানৰ দাবী

অৰুণাচল সীমান্তত পুনৰ উত্তেজনা!  ‘ভেঁকোভাওনা’ চৰকাৰৰ সীমা-বিবাদ সমাধানৰ দাবী

September 7, 2025 3:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd