NORTHEAST NOW (Assamese)

ভাৰতৰ হৈ স্বৰ্ণ জয় : জামাইকা, আমেৰিকাৰ দৰে আগশাৰীৰ দেশৰ প্ৰতিযোগীক পাত্তাই নিদিলে অসমৰ হিমা দাসে

July 12, 2018 11:13 pm · এন ই নাও নিউজ
Updated: July 13, 2018 1:36 am
ফাইল ফটো

জামাইকা, আমেৰিকাৰ দৰে দীৰ্ঘদিন ধৰি বিশ্বলৈ বাঘা বাঘা স্প্ৰিণ্টাৰৰ উপহাৰ দি অহা দেশৰ প্ৰতিযোগীক ছেৰ পেলাই বিশ্বৰ ট্ৰেক ইভেণ্টত অসমৰ এখন ভিতৰুৱা গাৱঁৰ হিমা দাসে অতিকৈ বিৰল ইতিহাস ৰচনা কৰিলে আজি।

ফিনলেণ্ডৰ টেম্পেৰিত চলি থকা এথলেটিকছৰ বিশ্ব জুনিয়’ৰ প্ৰতিযোগিতাত মহিলাৰ ৪০০ মিটাৰ দৌৰত ৫১.৪৬ ছেকেণ্ডেৰে শীৰ্ষস্থান দখল কৰি হিমাই এই গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ হ’ল এই বৃহৎ প্ৰতিযোগিতাখনৰ ট্ৰেক ইভেণ্টত স্বৰ্ণ জয় কৰা প্ৰথমজন ভাৰতীয় এথলীট। ১৯৮৬ চনৰ পৰা আৰম্ভ হোৱা অনূৰ্ধ্ব-২০ এই কঠিত প্ৰতিযোগিতাখনত এতিয়ালৈকে ভাৰতৰ কোনো দৌৰবিদ সফল হ’ব পৰা নাছিল।

নগাৱঁৰ ধিং অঞ্চলৰ এই প্ৰতিভাশালী উদীয়মান দৌৰবিদগৰাকী পূৰ্বেও কমনৱেল্থ গেইমছৰ দৰে প্ৰতিযোগিতা প্ৰশংসনীয় প্ৰদৰ্শন আগ বঢ়াইছিল। হিমাই আজি পদক পোৱাটোৰ ক্ষেত্ৰত এক প্ৰকাৰৰ নিশ্চিত হৈ আছিল ভাৰতীয় শিবিৰ। কাৰণ হীটছ আৰু ছেমি ফাইনেলত  তেওঁ আছিল সকলোৰে আগত। ছেমি ফাইনেলত তেওঁৰ সময় মান আছিল ৫১.৩২ ছেকেণ্ড, যিটো আন প্ৰতিযোগীৰ পৰা ভালেমান ব্যৱধান আছিল।

প্ৰতিযোগিতাখনত ৰোমানিয়াৰ আণ্ড্ৰে মিকলছে ৫২.০৭ ছেকেণ্ডেৰে ৰূপ আৰু আমেৰিকাৰ টেইলৰ মনছনে ৫২.২৮ ছেকেণ্ডেৰে ব্ৰঞ্জৰ পদক পায়।

Related News