NORTHEAST NOW (Assamese)

ভাৰত চৰকাৰৰ পে’ট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্র্যালয়ৰ উদ্যোগত বিশ্বনাথত উজ্জ্বলা দিৱস

April 20, 2018 7:30 pm · কাজি জেইদুল ইছলাম
Updated: April 20, 2018 7:31 pm

ভাৰত চৰকাৰৰ প্ৰে’ট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্র্যালয়ৰ উদ্যোগত শুকুৰবাৰে ভাৰতবৰ্ষৰ সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বালিচাং আৰু বিশ্বনাথৰ পানীভঁড়ালতো  উজ্জ্বলা দিৱস পালন কৰা হয়।

বিশ্বনাথৰ পাভৈস্থিত অলকা গেছ এজেঞ্চিৰ উদ্যোগত বালিচাং চেন্টাৰত অনুষ্ঠিত উজ্জ্বলা দিৱসত বৃহত্তৰ অঞ্চলটোৰ  ১০০  গৰাকীক বিনামূলীয়া এল পি জি গেছ চিলিণ্ডাৰ বিতৰণ কৰা হয়।

আনহাতে উক্ত সভাত উপস্থিত থাকে বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজজ্যোতি কলিতা,  বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি আৰু এজেঞ্চিৰ বিষয়ববীয়াসকল।

ইয়াৰ পিছতে বিশ্বনাথ চাৰিআলি গেছ এঞ্জেছিৰ উদ্যোগত বিশ্বনাথৰ পানীভঁড়ালস্থিত অমিয় ভৱনটো  বিশ্বনাথ জিলাৰ উপায়ুক্তৰ লগতে বিশ্বনাথ সমষ্টিৰ বিধায়ক আৰু প্ৰায় তিনি শতাধিক লোকৰ উপস্থিতিত বৰ্তমান চৰকাৰৰ এই আঁচনিৰ জৰিয়তে কেনেদৰে লাভৱান হ’ব পাৰি সেই দিশ সমূহৰ ওপৰত আলোচনা কৰা হয়।

Related News