NORTHEAST NOW (Assamese)

ভাৰত সেৱাশ্ৰম সংঘৰ মালতী সেন হস্পাতাল উদ্বোধন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

April 30, 2018 10:23 pm · এন ই নাও নিউজ

আজি মুখ্য মন্ত্ৰী সৰ্বানন্দই গুৱাহাটী মহানগৰীৰ জ্যোতিকুছিত ভাৰত সেৱাশ্ৰম সংঘৰ মালতী সেন হস্পাতাল আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

বিভিন্ন জাতি-জনগোষ্ঠীৰে মিলিত প্ৰয়াসেৰে আমাৰ সমাজ ব্যৱস্থা গঢ় লৈ উঠিছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে স্বামীজিৰ আদৰ্শৰে আমি শান্তি, সমন্বয়, ভাতৃত্ববোধ আৰু বন্ধুত্বৰ পৰিৱেশ অধিক কটকটীয়া কৰি তুলিব লাগিব।

আমাৰ সমাজৰ বিশৃংখল ৰূপ, সামাজিক ব্যাধি আৰু অপসংস্কৃতি আঁতৰ কৰিবলৈ হ’লে সেৱাশ্ৰমৰ নীতি-আদৰ্শ অনুকৰণ কৰাৰ বাবে যুৱ প্ৰজন্মক উৎসাহিত কৰি তুলিব লাগিব।

মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে সংঘাত সৃষ্টি কৰাটো উজু বিষয়। কিন্তু সমন্বয়ৰ ধাৰা শক্তিশালী কৰাটো এক কঠিন পৰীক্ষা। সেইবাবে সমাজখনত মানৱীয় অনুভূতি জগাই তোলাৰ বাবে সকলোৱে মিলিত প্ৰচেষ্টাৰে কাম কৰিব লাগিব।

আজিৰ অনুষ্ঠানটোত অসম বিধানসভাৰ উপাধ্যক্ষ দিলীপ কুমাৰ পাল, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, হাজো সমষ্টিৰ সুমন হৰিপ্ৰিয়া, প্ৰাক্তন বিধায়ক অজয় দত্ত আৰু বিশিষ্ট লেখিকা জয়শ্ৰী গোস্বামী মহন্তইও ভাষণ  প্ৰদান কৰে।

Related News