ভূটানৰ প্ৰধান মন্ত্ৰী চেৰিং টবগেৰ সৈতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৈঠক

বৈঠক

বৈঠক

আজি মহানগৰীৰ এখন আগশাৰীৰ হোটেলত ভূটানৰ প্ৰধান মন্ত্ৰী চেৰিং টবগেৰ সৈতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এখন বৈঠক অনুষ্ঠিত হয়।

বৈঠকত মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে, ‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূটানৰ সৈতে আমাৰ দেশখনৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে ভাৰত-ভূটান সীমান্তত ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে।’ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হৈ উঠিলে ব্যৱসায় বাণিজ্য সম্প্ৰসাৰণৰ দুৱাৰ মুকলি হ’ব বুলিও সৰ্বানন্দই কয়।

মুখ্য মন্ত্ৰীয়ে ‘এক্ট ইষ্ট পলিচি’ৰ জৰিয়তে দক্ষিণ-পূব এছিয়াৰ দেশ সমূহৰ লগত ব্যৱসায়-বাণিজ্য সম্প্ৰসাৰণৰ জৰিয়তে অঞ্চলটোৰ উন্নয়নৰ গতি তৰাম্বিত কৰিব বিচাৰিছে বুলি কয়।

গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া বিশ্ব বিনিয়োগ সন্মিলনৰ জৰিয়তে আছিয়ান দেশ সমূহৰ লগতে ভূটানৰ লগত ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত নতুন দিশৰ সংযোজন হ’ব বুলিও সৰ্বানন্দই জানিবলৈ দিয়ে।

গুৱাহাটীত ভূটানৰ কনচুলেট জেনেৰেল কাৰ্যালয় স্থাপনৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ জৰিয়তে অসম আৰু ভূটানৰ মাজত অৰ্থনৈতিক, পৰ্যটন, সাংস্কৃতিককে ধৰি বিভিন্ন সম্পৰ্ক অধিক সুদৃঢ় হোৱাৰ সম্ভাৱনা আছে বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।

আনহাতে বৈঠকত ভূটানৰ প্ৰধান মন্ত্ৰী চেৰিং টবগেয়ে কয় যে দুয়োখন দেশৰ মাজত ব্যৱসায়িক সম্পৰ্ক সুদৃঢ় কৰাৰ জৰিয়তে অৰ্থনৈতিক উন্নয়নৰ গতি ত্বৰাম্বিত কৰিব পৰা যাব।

ভূটানৰ মন্ত্ৰী গৰাকীয়ে লগতে অসমক বিশেষ প্ৰাধান্য দি চৰকাৰে চলিত বৰ্ষত ২২ মাৰ্চত অসম-ভূটান বৈঠক এখন আয়োজন কৰিছে বুলিও কয়।

আজিৰ বৈঠকত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, মুখ্য সচিব বিনোদ কুমাৰ পিপাৰচেনিয়া, গৃহ বিভাগৰ প্ৰধান সচিব এল এছ চাংচান, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়াৰ উপৰি ভূটানৰ বৈদেশিক পৰিক্ৰমা, বিত্ত বিভাগৰ মন্ত্ৰীৰ লগতে শীৰ্ষ বিষয়া সকল উপস্থিত থাকে।