চাৰি দিনীয়া কাৰ্যসূচীৰে বাৰেৰহনীয়া ভৈৰৱকুণ্ড মহোৎসৱ

ভৈৰৱকুণ্ড

প্রাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ ওদালগুৰি জিলাৰ অৰুণাচল প্ৰদেশ-ভূটান সীমান্তৱৰ্তী ভৈৰৱকুণ্ডত ষষ্ঠ ভৈৰৱকুণ্ড মহোৎসৱৰ আয়োজন কৰিবলৈ লোৱা হৈছে। ওদালগুৰি নগৰৰ পৰা ২৪ কি. মি. উত্তৰে অৱস্থিত উক্ত অঞ্চলটোক দেশৰ পৰ্যটন মানচিত্ৰত এক সুকীয়া স্থান দিয়াৰ উদ্দেশ্যে যোৱা কেইবা বছৰৰ পৰা এই মহোৎসৱৰ আয়োজন কৰি অহা হৈছে। এই ধাৰা অব্যাহত ৰাখি এই বছৰৰ ১৭ জানুৱাৰিৰ পৰা ২০ জানুৱাৰিলৈকে চাৰি দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিবলৈ লোৱা হৈছে বাৰেৰহনীয়া ভৈৰৱকুণ্ড মহোৎসৱৰ। সেই উদ্দেশ্যে অসম চৰকাৰৰ খাদ্য তথা অসামৰিক যোগান মন্ত্ৰী ৰিহন দৈমাৰীক সভাপতি হিচাপে লৈ এখন অভ্যৰ্থনা তথা মহোৎসৱ ব্যৱস্থাপনা কমিটি গঠন কৰা হয়। বুধবাৰে ওদালগুৰি নগৰ কমিটিৰ প্ৰেক্ষাগৃহত আয়োজিত এখন সভাত নৱগঠিত উক্ত কমিটিখনত ৰিহন দৈমাৰীৰ লগতে বি টি চি বিধান সভাৰ বিধায়ক ৰিপেন দৈমাৰীক কাৰ্যকৰী সভাপতি আৰু বি টি চি বিধান সভাৰ অধ্যক্ষ ত্ৰিদিপ দৈমাৰীক মুখ্য আহ্বায়কৰ দায়িত্ব দিয়া হয়। সভাখনত গণেশ মুছাহাৰীক মুখ্য সম্পাদক হিচাপে লৈ মহোৎসৱটোৰ বাৰ্ষিক মুখপত্ৰখন প্ৰকাশ কৰাৰো সিদ্ধান্ত লোৱা হয়। উদ্যোক্তা কমিটিৰ সদস্য সকলে জনাই যে ভৈৰৱকুণ্ড মহোৎসৱে ৰাজ্যখনৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশ তথা ভূটানৰ বিভিন্ন জনগোষ্ঠীৰ মাজত বৰ্তি থকা ঐক্য আৰু সম্প্ৰীতিৰ বান্ধোনক প্ৰতিফলিত কৰে।