ভোট গণনাৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে ত্ৰিপুৰা নিৰ্বাচনী বিভাগ

Tripura-vote-

প্ৰতিনিধিত্বমূলক চিত্ৰ

১৮ ফেব্ৰুৱাৰিতে অনুষ্ঠিত হৈ যোৱা ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাথো কেইটামান ঘণ্টা বাকী। ৰাজ্যখনৰ চাৰিও ফালে সীমাহীন উৎকণ্ঠা। ইয়াৰ মাজতে শণিবাৰে ৰাজ্যখনৰ ৫৯ টা বিধানসভা সমষ্টিৰ ভোট গণনা সম্পূৰ্ণ নিয়াৰিকৈ চলাই নিয়াৰ বাবে ইতিমধ্যে সাজু হৈ উঠা বুলি প্ৰকাশ কৰিছে ত্ৰিপুৰা নিৰ্বাচন বিভাগে।

ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচনী বিষয়া শ্ৰীৰাম তৰণীকান্তীয়ে ভোট গণনা সম্পৰ্কত বৃহস্পতিবাৰে আগৰতলাত এখন সংবাদ মেল সম্বোধন কৰি ৰাজ্যখনৰ গোটেইকেইটা সমষ্টিৰ বাবে মুঠ ২০ টা কেন্দ্ৰত ভোট গণনা কৰা হ’ব বুলি জনায়।

ভোটগণনাৰ দিনা ৰাজ্যখনত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৈতে তাৎক্ষণিক মোকাবিলা কৰিবলৈ ৰাজ্যিক আৰক্ষীয়ে তিনিটা পৰ্যায়ত সুৰক্ষা বেষ্টনী গঢ়ি তুলিছে।

আনহাতে প্ৰত্যেকটো ভোট কেন্দ্ৰতে সম্পূৰ্ণ ৱেবকাষ্টিং আৰু চিচিটিভিৰ নজৰত ভোটগণনা অনুষ্ঠিত কৰা হ’ব বুলি জনায় নিৰ্বাচনী বিষয়াজনে।

মুখ্য বিষয়াজনে আৰু জনোৱা মতে প্ৰত্যেক কেন্দ্ৰতে একোজনকৈ সাধাৰণ পৰ্যবেক্ষক থকাৰ উপৰি প্ৰত্যেকখন ভোটগণনা কৰা টেবুলতো একোজনকৈ মাইক্ৰ’ পৰ্যবেক্ষক দিয়াৰো ব্যৱস্থা কৰা হৈছে।

ভোটগণনা কাৰ্যৰ বাবে সৰ্বমুঠ ২৭ গৰাকী সাধাৰণ পৰ্যবেক্ষকক নিয়োগ কৰা হৈছে। আৰু শণিবাৰৰ দিনটোত আইন-শংখলা জনিত কাম-কাজ চোৱাৰ বাবে ৭ গৰাকী আৰক্ষী বিষয়াক পৰ্যবেক্ষকৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছে বুলি কয় তৰণীকান্তীয়ে।

উল্লেখ্য যে ইভিএম মেচিনত আৱদ্ধ ভোটসমূহ গণনা কৰাৰ পূৰ্বে ডাক বেলটযোগে সাব্যস্ত কৰা ভোটসমূহ গণনা কৰিব।

মুখ্য নিৰ্বাচনী বিষয়া তৰণীকান্তীয়ে ভোটগণনা সন্দৰ্ভত প্ৰত্যেক দলৰে প্ৰতিনিধিৰ লগত আলোচনাত মিলিত হৈছে। আৰু এই আলোচনাৰ জৰিয়তে ফলাফল ঘোষণা কৰাৰ দিনটোত সকলো দলকে ৰাজ্যখনত শান্তি-শৃংখলা অটুত ৰখাত সহায় কৰিবলৈ আহ্বান জনায়।