NORTHEAST NOW (Assamese)

মই যুঁজিমো, বিজেপিক খেদিমো : তৰুণ গগৈ

July 18, 2018 10:50 pm · কল্পজ্যোতি শইকীয়া

বয়সৰ লেখেৰে ৮০ পাৰ হ’লেও বিজেপিৰ বিৰুদ্ধে যুঁজলৈ শক্তি কমা নাই প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ।

ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্য্যকৰী কমিটিৰ সদস্য হিচাপে নিযুক্ত হোৱাৰ পাছতে আজি ১৮ জুলাইত বিজেপিৰ বিৰুদ্ধে যুঁজি যোৱাৰ সংকল্প পুনৰ দোহাৰে গগৈয়ে।

‘মই যুজিঁমো আৰু বিজেপিক হৰুৱামো,‘ সংবাদমেলত গগৈৰ মন্তব্য।

কংগ্ৰেছৰ সৰ্বভাৰতীয় সমিতিৰ সদস্য হিচাপে নিযুক্ত হোৱা সন্দৰ্ভতআগন্তুক নিৰ্বাচনত শাসনাধিষ্ঠ বিজেপিক হৰুৱাবলৈ সাজু বুলিও ঘোষণা কৰে গগৈয়ে।

‘বিজেপিক হৰুৱাব লাগিব। নহ’লে ৰাহুল গান্ধীয়ে মোক কাৰ্য্যকৰী কমিটিৰ সদস্য হিচাপে দায়িত্ব দিয়াত কি লাভ হ’ব?’ গগৈৰ টিপ্পনি।

বিজেপিক শাসনৰ পৰা খেদাবৰ বাবে সক্ৰিয় ৰাজনীতিত থকাৰ দৃঢ় সংকল্পও দোহাৰে গগৈয়ে।

‘মই সক্ৰিয় ৰাজনীতিত সদায়েই থাকিম। মই যুঁজ দিম। নহ’লে বিজেপিক হৰুৱাব নোৱাৰিম নহয়,‘ গগৈৰ দাবী।

কংগ্ৰেছত লবি থকাৰ কথা স্বীকাৰ কৰি গগৈয়ে কয় ‘লবি থাকিবই। লবি নাথাকিলে কিহৰ ৰাজনীতি? বিজেপিত লবি নাই নেকি? সৰ্বানন্দৰটো টোপনিয়েই নাই। মোৰ দিনতটো মই শুই আছিলো ভালকৈ।‘

বিজেপিৰ বিৰুদ্ধে যুঁজত তৰুণ গগৈৰ নেতৃত্ব পৰৱৰ্তী পৰ্য্যায়ত লক্ষণীয় হ’ব।

Related News