দৰঙত বিভিন্ন বিভাগৰ কামৰ অগ্ৰগতিৰ বুজ ললে বিধায়কৰ প্ৰতিনিধি দলে

Delegates of Public Accounts Committee holdimg discussion in Deputy Commissioner office

অসম বিধান সভাৰ অল পাৰ্টি পাব্লিক একাউণ্টছ কমিটী অব আছামৰ  ৫জনীয়া প্ৰতিনিধি দলটোৱে দৰঙৰ ৰাষ্ট্ৰীয় ঘাইপথ নং ১৫ৰ ৪০ কি মি দৈৰ্ঘ্যৰ পথচোৱা নতুনকৈ নিৰ্মাণ আৰু সম্প্ৰসাৰণৰ কাম শামুকীয়া গতিত চলি থকাটোত অত্যন্ত অসন্তুষ্টি প্ৰকাশ কৰিছে।

মঙলদৈৰ পৰা গুৱাহাটীলৈ গৈ থকা অৱস্থাত অল পাৰ্টি পাব্লিক একাউণ্টছ কমিটী অব আছামৰ  সভাপতি তথা কংগ্ৰেছৰ বিধায়ক ৰাজদীপ গোৱালাই গৰকাপ্তানি বিভাগ (ৰাষ্ট্ৰীয় ঘাইপথ)ৰ সংশ্লিষ্ট বিষয়াবৰ্গসহ নাৰিকলি আৰু কদমতলীত ৰাষ্ট্ৰীয় ঘাইপথ নং ১৫ত পৰিদৰ্শন কৰাৰ সময়ত মাজে মাজে ঠেক কৰি নিৰ্মাণ কৰা আৰু মঙলদৈ পৌৰসভাৰ অন্তৰ্গত অধিকাংশই নিৰ্মাণ নকৰাকৈ ৰখা কথাটোত গভীৰ উৎকণ্ঠা ব্যক্ত কৰে।

শাসনাধিষ্ঠ  বিজেপি দলৰ বিধায়ক তপন গগৈআৰু ভবেশ কলিতা, কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰী আৰু অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰে গঠিত বিধায়কৰ দলটোৱে আবেলিৰ ফালে গড়কাপ্তানি বিভাগৰ গ্ৰাম্য পথে নিৰ্মাণ কৰা জাবেৰিকুছিৰ দলঙলৈ যোৱা পথটো, চি এম দত্ত প্ৰবাহ জলসিঞ্চন প্ৰকল্পৰ মূল কামখিনি, মঙলদৈ জনস্বাস্থ্য অভিযান্ত্ৰিক বিভাগৰ মঙলদৈ ডিভিজনৰ এটা পাইপেৰে পানী যোগান আঁচনি আৰু জাবেৰিকুছিত পি এম জি এ ৱাইৰ অধীনত নিৰ্মিত এটা বাসগৃহ আদি কেইটামান আঁচনি পৰিদৰ্শন কৰে।

ইয়াৰ পূৰ্বে তেওঁলোকে বিভিন্ন চৰকাৰী বিভাগৰ শীৰ্ষস্থানীয় বিষয়াৰ সৈতে ৪ ঘণ্টাতকৈও অধিক সময় আলোচনা কৰি জলসম্পদ, জনস্বাস্থ্য অভিযান্ত্ৰিক বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, গড়কাপ্তানি বিভাগৰ বিষয়াবৰ্গক বিগত তিনি বছৰত উন্নয়নৰ নামত ৰাজহুৱা ধনৰ অপব্যৱহাৰ বিৰূপ পৰিণামৰ ভোগ কৰিব লাগিব বুলি সকিয়াই দিয়ে।

বিধায়কসকলৰ প্ৰতিনিধি দলটোৱে দিনটোৰ কৰ্মব্যস্ততাৰ পাছত মঙলদৈৰ আৱৰ্ত ভৱনত ৰাত্ৰি যাপন কৰে।  এই উচ্চ ক্ষমতাসম্পন্ন কমিটীখনে পৰিদৰ্শনৰ সময়ত পোৱা প্ৰতিৱেদন ৰাজ্যিক বিধানসভাৰ অধ্যক্ষৰ ওচৰত জমা দিব।