মঙলদৈৰ পৰা সন্ধানহীন এগৰাকী টেট শিক্ষয়িত্ৰী : এক সপ্তাহে স্বামীয়ে বিচাৰি হাবাথুৰি খাইছে

টেট শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত বিনীতা দাস নামৰ এগৰাকী মহিলা মঙলদৈৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই সৰু চহৰখনত এক প্ৰকাৰৰ চাঞ্চল্যৰ সষ্টি কৰিছে। বিশেষ সূত্ৰই জনোৱা মতে তামুলপুৰ থানাৰ অন্তৰ্গত দিমিলাপৰ গাঁৱৰ নিবাসী সঞ্জীৱ কলিতাৰ পত্নী তথা ১১ বছৰীয়া এটি সন্তানৰ মাতৃ বিনীতা দাসে চাকৰি কৰে মঙলদৈ চহৰৰ সমীপৰ বগাপুৰী গান্ধীস্মৃতি প্ৰাথমিক বিদ্যালয়ত। তেওঁ তাত আজিৰ পৰা তিনিমাহ মানৰ পূৰ্বেহে যোগদান কৰিছিল। স্বামী সঞ্জীৱ কলিতাই জানিবলৈ দিয়া মতে য়োৱা ১৪ নৱেম্বৰত তেওঁ পত্নীক ভাৰাঘৰত থৈ দিমিলাপৰ গাঁৱলৈ উভটি গৈছিল। তাৰ পৰা ১০ দিন পিছত অৰ্থাৎ ২৪ নৱেম্বৰ তাৰিখে সঞ্জীৱে সন্ধিয়া সময়ত বিনীতালৈ ফোন কৰোঁতে ফোনটোৰ চুইচ্ছ অফ পায়। বহু সময় ধৰি ফোনটো চুইচ্ছ অফ থকাত স্বামী আৰু পৰিয়ালৰ লোক চিন্তিত হয় আৰু ২৫ নৱেম্বৰৰ পুৱাতে মঙলদৈ অভিমুখে ৰাওনা হয়। সঞ্জীৱ কলিতাই মঙলদৈত উপস্থিত হৈ ভাৰাঘৰৰ ৰুমটো তলা মৰা অৱস্থাত দেখা পায়। ভাৰাঘৰৰ মালিকক বিনীতাৰ কথা সোধাত বিনীতা ২৪ নৱেম্বৰৰ আবেলি টালি-টোপোলা লৈ ৰূমৰ পৰা ওলাই যায় বুলি কয়। বিভিন্ন ঠাইত বিচাৰি কোনো সন্ধান নোপোৱাত স্বামী সঞ্জীৱে মঙলদৈ আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰে। জানিব পৰা মতে বৰ্তমান সময়লৈকে বিনীতাৰ কোনো সম্ভেদ উলিয়াব পৰা নাই আৰক্ষীয়ে। কোনো সদাশয় লোকে যদি বিনীতাৰ সন্ধান পাই তেন্তে ৭৬৩৫৯৫১৩৫৯ নম্বৰত যোগাযোগ কৰিবলৈ বিনীতাৰ স্বামী সঞ্জীৱ কলিতাই অনুৰোধ জনায়।