ঐতিহাসিক মটক ৰাজ্যৰ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২১৩ সংখ্যক মৃত্যু তিথি উপলক্ষে ২৪ৰ পৰা ২৭ মে’লৈ তিনিচুকীয়াৰ পদুমণিস্থিত মৈদামস্থলীত বৰ্ণাঢ্য কাৰ্যসূচীৰে সৰ্বানন্দ সিংহ দিৱস উদযাপন কৰা হ’ব। ইতিমধ্যে দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠা বুলি সোমবাৰে এক সংবাদমেল যোগে আয়োজকে জানিবলৈ দিয়ে।
উল্লেখ্য যে এই দিৱসৰ লগত সংগতি ৰাখি অহা ২৭ মে’ত মুখ্য মন্ত্ৰীক স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা প্ৰদান কৰা হ’ব। বঁটা প্ৰদান কৰিব সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদে।
২৪ মে’ অৰ্থাৎ দিৱসৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ধৰ্মধ্বজা উত্তোলন কৰাৰ পাছত মটক জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰে পতাকা উত্তোলন কৰিব। ইয়াৰ পাছতে তিনিচুকীয়াৰ তিনিকোণীয়া পুখুৰীৰ পাৰত অৱস্থিত নামঘৰত ভাগৱত পাঠ কৰাৰ লগতে পুখুৰীৰ মাজত থকা ৰজাৰ মূৰ্তিত মাল্যাৰ্পণ কৰিব। ইয়াৰ সমান্তৰালভাৱে আইটিআই খেলপথাৰৰ মূল মণ্ডপত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
ইফালে দ্বিতীয় দিনা ২৫ মে’ত এক মননশীল বিষয়ৰ ওপৰত অনুষ্ঠিত হ’ব আলোচনা-চক্ৰ। ‘মটক যুৱক-যুৱতীসকলৰ শিক্ষাৰ পথ নিৰ্ধাৰণ আৰু কৰ্মসংস্থাপনৰ লগতে আধ্যাত্মিক জ্ঞানৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোচনা, এই বিষয়ত জনগোষ্ঠীয় সংগঠনসমূহৰ কৰণীয়’, শীৰ্ষক আলোচনা-চক্ৰত দুগৰাকী কেৰিয়াৰ কাউন্সিলাৰৰ লগতে বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকিব।
আনহাতে, মটক জনগোষ্ঠীৰ হেৰাই যাব ধৰা লোকগীত, লোকনৃত্য, লোকাচাৰ আদিৰ প্ৰদৰ্শন কৰা হ’ব বুলিও সংবাদমেলত জানিবলৈ দিয়ে। ইয়াৰ উপৰি মটক ৰজা সৰ্বানন্দ সিংহই ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে।
২৬ মে’ত অসমৰ সকলো জাতি-জনগোষ্ঠীৰ সংগঠনৰ জনগোষ্ঠীয় সন্মিলন অনুষ্ঠিত হ’ব। ২৭ মে’ৰ পুৱা ন-পুখুৰীৰ পৰা বৰগুৰি অনুষ্ঠানস্থলীলৈ সাংস্কৃতিক শোভাযাত্ৰা উলিয়াব। ইয়াৰ পাছতে অনুষ্ঠিত হ’ব মুকলি সভা। আৰু এই মুকলি সভাতে মুখ্যমন্ত্ৰী সোণোৱালক স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটাৰে সন্মান প্ৰদান কৰা হ’ব।
এই অনুষ্ঠানতে সমাজলৈ আগবঢ়োৱা অনৱদ্য অৱদানৰ বাবে আন কেইবাগৰাকী বিশিষ্ট ব্যক্তিকো সম্বৰ্ধনা জ্ঞাপন কৰিব।