মণিপুৰৰ মুখ্য সচিবৰ দ্বাৰা ৰাজ্যিক কৃষিমেলা উদ্বোধন

Manipur-Chief-Secretary-at-the-inaugural-ceremony-of-the-State-Agriculture-Fair2018-at-Iboyeima-Shanglen.-570x320

মণিপুৰৰ মুখ্য সচিব আৰ আৰ ৰশ্মিয়ে সোমবাৰে পুব ইম্ফলত অৱস্থিত ইবইমা শ্বুমাং লীলা শ্বাংলেন ৰাজপ্ৰাসাদৰ চৌহদত কৃষক সকলৰ উদ্দেশ্যে ৰাজ্যিক কৃষিমেলা-২০১৮ উদ্বোধন কৰে।

নতুন দিল্লীস্থ সংযুক্ত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত এই বিচিত্ৰানুষ্ঠানখনৰ আয়োজন কৰিছিল মণিপুৰ চৰকাৰ কৃষি বিভাগৰ কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ শিক্ষণ প্ৰতিষ্ঠানে(SAMETI)। এই কৃষিমেলাখনত বিভিন্ন বিভাগ আৰু আত্ম সহায়ক গোটসমূহৰ সৰ্বমুঠ ৪২খন বিপনীত কৃষিজাত সামগ্ৰী আৰু কৃষিকাৰ্যত ব্যৱহৃত আহিলা প্ৰদৰ্শন কৰা হয়।

বিচিত্ৰানুষ্ঠানখনত মুখ্য বক্তা হিচাপে দিয়া ভাষণত আৰ আৰ ৰশ্মিয়ে কয় যে ৰাজ্যিক কৃষিমেলা-২০১৮ মুকলি কৰাৰ ফলত কৃষকসকলৰ কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি হোৱাৰ লগতে ভূমি স্বাস্থ্য পৰীক্ষা আদি দক্ষতা বৃদ্ধিৰ প্ৰযুক্তিগত জ্ঞান বৃদ্ধি হ’ব। মেলা চলি থকা সময়চোৱাত বিভাগীয় বিষয়াসকলক কৃষিখণ্ডৰ উৎপাদন বৃদ্ধিৰ বাবে কেনেদৰে সাৰৰ ব্যৱহাৰ কৰিব লাগে সেই সন্দৰ্ভত প্ৰশ্ন কৰিব পাৰিব।

তেওঁ কয় যে কৃষিৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে সকলো বিভাগে বহু বছৰৰ পৰাই নিৰলস প্ৰচেষ্টা চলাই আহিছে আৰু কৃষি বিভাগ হৈছে নিয়োগ সৃষ্টিৰ বৃহত্তম বিভাগ। বিভাগটোৱে ৰাজ্যখনত কৃষকসকলৰ বাবে এটি মাটি পৰীক্ষণ গৱষণাগাৰ গঢ়ি তুলিছে।

ৰশ্মিয়ে মেলাখনত তেওঁক মত বিনিময়ৰ সুযোগ প্ৰদান কৰাৰ বাবে আয়োজক সমন্বিতে সকলো অংশগ্ৰহণকাৰীক ধন্যবাদ জনায় আৰু তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ প্ৰদৰ্শনৰ বাবে মুকলি কৰে। কৃষি বিভাগৰ বিষয়াবৰ্গসহ তেওঁ বিপনীসমূহ পৰিদৰ্শন কৰে আৰু তেওঁলোকৰ সৈতে মত বিনিময় কৰে।

কৃষিমেলাখনত উদ্যান শস্য আৰু মণিপুৰৰ ভূমি সংৰক্ষণ বিভাগ, পশু চিকিৎসা আৰু পশুপালন বিভাগ, মৎসপালন বিভাগ, ৰেচম বিভাগ, ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ (ICAR) উত্তৰ-পূব পাৰ্বত্য এলেকাৰ মণিপুৰ কেন্দ্ৰ আৰু ইম্ফলস্থিত কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ মুঠ ৮খন বিপনী আছে।

এই মেলাখনত খুৰাইৰ এম/এছ ফাৰ্মাৰ্ছ ডেভেলপেন্ট চেন্টাৰ, মিশ্যন অৰ্গেনিক ভেল্যু চেইন ডেভেলপমেন্ট(MOVCD);  পূব ইম্ফল, সেনাপতি, চান্দেল, বিষ্ণুপুৰৰ পৰা এ টি এম এ/ডি এ ও; পশ্চিম ইম্ফল, চুৰাচান্দপুৰ, থৌবাল, তামেংলং, উখৰুলৰ পৰা সাতটা আত্ম সহায়ক গোট, পৰমপটৰ ভূমি পৰীক্ষণ গৱেষণাগাৰ আৰু বাহিৰৰ আঠটা বিভাগেও অংশ গ্ৰহণ কৰিছিল।

এই বিচিত্ৰানুষ্ঠানখনত অতিৰিক্ত মুখ্য সচিব (কৃষি) ডঃ সুহেল আখতাৰ আৰু মণিপুৰৰ কৃষি সঞ্চালক পি এইচ (ফ) ৰাজেন্দ্ৰ সিঙ যথাক্ৰমে সভাপতি আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত আছিল। তেখেতসকলে নিজৰ নিজৰ বহুমুলীয়া ভাষণত ৰাজ্যখনৰ কৃষিখণ্ডৰ উন্নতি আৰু বিকাশত জোৰ দিছে। ৰাজ্যখনৰ বিভিন্ন জিলাৰ কৃষকসকলেও এই বিচিত্ৰানুষ্ঠানখনত অংশগ্ৰহণ কৰিছিল। কৃষিমেলাখন মাৰ্চ মাহৰ ১ তাৰিখলৈকে চলি থকিব।