মণিপুৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা: উত্তীৰ্ণৰ হাৰ ৬৭.০৪ শতাংশ

Manipur-HS-results-570x320

বৃহস্পতিবাৰে মণিপুৰৰ শিক্ষা মন্ত্ৰী থকছম ৰাধেশ্যামে ঘোষণা কৰিলে ৰাজ্যখনৰ ২০১৮ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। মণিপুৰ উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা পৰীক্ষাত যোৱা বছৰৰ তুলনাত উত্তীৰ্ণৰ হাৰ এই বৰ্ষত কিছু পৰিমানে হ্ৰাস পোৱা পৰিলক্ষিত হ’ল।

শিক্ষা মন্ত্ৰীগৰাকীয়ে জনায় যে এই ২০১৮ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত মুঠ ২৭,৭৭৬ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। আৰু ইয়াৰে ১৮,৬২১ গৰাকী পৰীক্ষাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হয়। তেওঁ লগতে জানিবলৈ দিয়ে যোৱা বছৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হাৰ ৬৮.৮১ শতাংশৰ বিপৰীতে এই বৰ্ষত ৬৭.০৪ শতাংশ পৰীক্ষাৰ্থীহে উত্তীৰ্ণ হয়।

অতি কম সময়ৰ ভিতৰতে মণিপুৰ উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ বিষয়া কৰ্মচাৰীসকলে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা কাৰ্যত আপ্লুত হৈ শিক্ষা মন্ত্ৰীগৰাকীয়ে পৰিষদৰ সকলো বিষয়া কৰ্মচাৰীকে শুভেচ্ছাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে।

মণিপুৰ উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত এক কাৰ্যসূচীত কালি উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল সমূহ ঘোষণা কৰা হয়।

ইফালে ৰাজ্যখনৰ ভিতৰতে সৰ্বোচ্চ ৯৬.৮০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষ স্থান দখল কৰিছে ননি জিলাই। চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত জিলাখনৰ পৰা মুঠ ৩৪৪ গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে ৩৩৩ গৰাকীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বুলি জানিবলৈ দিয়ে।

আনহাতে পশ্চিম ইম্ফল জিলাৰ পৰা সৰ্বাধিক ৯৬০৬ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে ৬৬৬৪ গৰাকীয়ে সফলতাৰে উত্তীৰ্ণ হয়।

কলা শাখাত ৰাজ্যখনৰ ৭০৭৯ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে ৫০৪৮ গৰাকী উত্তীৰ্ণ হোৱা বুলি সদৰী কৰে।

ইফালে বিজ্ঞান শাখাত ২০,১৯৩ গৰাকীৰ বিপৰীতে উত্তীৰ্ণ হয় ১৩,২৪০ গৰাকী পৰীক্ষাৰ্থী। আৰু বাণিজ্য শাখাত ৫০৪ গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে ৩৩৩ জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হ’বলৈ সক্ষম হয়।

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কাৰ্যসূচীত শিক্ষা মন্ত্ৰীগৰাকীৰ উপৰি শিক্ষা বিভাগৰ আয়ুক্ত সুমন্ত সিং, শিক্ষা সঞ্চালক কিৰনকুমাৰ সিং, মণিপুৰ উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ মহেন্দ্ৰ সিং, পৰিষদৰ বিষয়া কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে বহুতো লোক উপস্থিত থাকে।