বুধবাৰে উত্তৰ-পূৰ্বাঞ্চল আৰু ম্যানমাৰৰ সাংস্কৃতিক আৰু সভ্যতাৰ সম্পৰ্কৰ ওপৰত এখন তিনি দিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ আৰম্ভ হৈছে মণিপুৰ বিশ্ববিদ্যালয় চৌহদত।‘নৰ্থ-ইষ্ট ইণ্ডিয়া এণ্ড ম্যানমাৰ : ৰিভিজিটিং কালছাৰেল এণ্ড চিভিলাইজেশ্যনেল কানেকশ্যনছ’ শীৰ্ষক আলোচ্য বিষয়েৰে কলকাতাৰ মৌলানা আবুল কালাম আজাদ ইন্সটিটিউট অৱ এছিয়ান ষ্টাডিজ আৰু মণিপুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগে এই আলোচনাচক্ৰখন যুটীয়াভাৱে আয়োজন কৰিছে।
মণিপুৰৰ কলা আৰু সংস্কৃতি মন্ত্ৰী জয়ন্তকুমাৰ সিঙে এই আলোচনাচক্ৰখন উদ্বোধন কৰিছে।
উদ্বোধনী অনুষ্ঠানত ভাষণ ৰাখি জয়ন্তকুমাৰ সিঙে উত্তৰ-পূব ভাৰতৰ ভিতৰত মণিপুৰৰ শিল্পীসকলে কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত লাভ কৰা সন্মানৰ উদাহৰণসমূহ উল্লেখ কৰে। তেও কয় যে এই আলোচনাচক্ৰখনে এটা নতুন দিশ মুকলি কৰিব।
সভাপতিৰ ভাষণত অধ্যাপক এ পি পাণ্ডেই কয়, ‘এই আলোচনাচক্ৰখন ভাৰত আৰু সামগ্ৰিকভাৱে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ ম্যানমাৰৰ বিকাশৰ কাৰণে। মনত নথকা বিনৰে পৰাই ভাৰতৰ সৈতে ইয়াৰ চুবুৰীয়া দেশসমূহৰ এটা সুসম্পৰ্ক বজাই আছিল।‘ তেওঁ মণিপুৰ বিশ্ববিদ্যালয়ত এটা মৌলানা আবুল কালাম আজাদ ইন্সটিটিউট অৱ এছিয়ান ষ্টাডিজৰ এটা কেন্দ্ৰ খোলাৰো প্ৰস্তাৱ আগবঢ়ায়।
আলোচনাচক্ৰখনৰ ধাৰণা আৰু উপ বিষয়বস্তুৰ ওপৰত চমু বক্তব্য ৰাখি মণিপুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপিকা কুঞ্জেশ্বৰী দেৱীয়ে কয় যে সাংস্কৃতিক কাৰক আৰু সাংস্কৃতিক সম্প্ৰদায়ৰ বাবে উত্তৰৰপূৰ্বাঞ্চলে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
উত্তৰ-পূব ভৰত আৰু ম্যানমাৰৰ সম্পৰ্ক এটাৰ এটা গুৰুত্বপূৰ্ণ দিশ আছে বুলি তেওঁ উল্লেখ কৰিছে।
অধ্যাপক এন জয়কুমাৰ সিং আৰু মণিপুৰ বিশ্ববিদ্যালয়ৰ আলোচনাচক্ৰ সমন্বয়ক ড০ সুধীৰকুমাৰ সিঙেও অনষ্ঠানটোত নিজৰ বক্তব্য ৰাখে।