ম’বাইলত অসমীয়া ভাষা লিখা লোকলৈ মৃদুল কুমাৰ শৰ্মাৰ ‘লাচিত পেড’

Mridul

ম’বাইলত অসমীয়াত লিখা-মেলা কৰা লোকসকলৰ বাবে এক সুখবৰ। ৰঙিয়াৰ যুৱক মৃদুল কুমাৰ শৰ্মাই ম’বাইলত লিখা-মেলা কৰা লোকসকলৰ সহায়ক হোৱাকৈ ‘লাচিত পেড’ মুকল‌ি কৰিছে ৷

উল্লেখযোগ্য যে সম্প্ৰতি যথেষ্ট সংখ্যক লোকে ম’বাইলতে গল্প, প্ৰবন্ধ আদি লিখে৷ কিন্তু বিভিন্ন কাৰণত লেখাবোৰত বানান, যতিচিহ্ন আদিৰ ভুল থাকি যায়৷ ম’বাইলত অসমীয়া বৰ্ণাশুদ্ধি নিবাৰক ছফটৱেৰৰ অভাৱৰ বাবে লেখনিবোৰত ভুল থাকিয়েই যায় আৰু ইয়ে পঢ়ুৱৈক বিতুষ্ট কৰে৷

এনে অসুবিধা আঁতৰ কৰিবলৈ ৰঙিয়াৰ যুৱক মৃদুল কুমাৰ শৰ্মাই প্ৰস্তুত কৰি উলিয়াইছে ‘লাচিত পেড’ ৷ ই এক ন’টপেডৰ দৰে আহিলা, য’ত লিখি উঠি বুটাম এটা টিপিলেই যতিচিহ্নৰ বেমেজালি, সততে হোৱা বানান ভুল আদি মুহূৰ্ততে দূৰ হৈ যায় আৰু সেই লেখনিৰ প্ৰতিলিপি অইন ঠাইত বহুৱাই প্ৰকাশ কৰিব পাৰি৷ নতুবা অইন ঠাইত যেনে, ফেচবুক আদিত লিখি উঠি লিখাখিনি লাচিত পেডত আনি শুধৰাই ল’ব পাৰি ৷

উল্লেখ্যযোগ্য যে প্ৰায় তিনি বছৰ পূৰ্বে যুৱক মৃদুল কুমাৰ শৰ্মাই লাচিত কীব’ৰ্ড এখনো উলিয়াইছিল ৷

এই আহিলাটি ম’বাইলৰ ব্ৰাউজাৰত lachitpad.mridulkumar.com লিংকটি খুলি ব্যৱহাৰ কৰিব পৰা হ’ব৷ উল্লেখযোগ্য যে লেপটপ বা ডেস্কটপ কম্পিউটাৰৰ ব্ৰাউজাৰতো এই লিংকটি খুলি লাচিত পেড ব্যৱহাৰ কৰিব পৰা হ’ব৷

এণ্ড্ৰইড ম’বাইল ব্যৱহাৰকাৰীসকলৰ সুবিধাৰ্থে এই আহিলাটিৰ এপ্‌ছ এটা সাজি গুগল প্লে’ ষ্ট’ৰত দিয়া হৈছে৷ প্লে’ ষ্ট’ৰত Lachit Pad বুলি সন্ধান কৰিলেই এপছটো ডাউনল’ড কৰিব পাৰিব৷

শৰ্মাক লাচিত পেড সাজি উলিওৱাত বিশেষভাৱে সহায় কৰিলে বিতোপন দাস আৰু ত্ৰিদীপ দাসে ৷ এপটিৰ ল’গ’ এটা সাজিছে ৰিতুপৰ্ণ বৰাই আৰু স্প্লেচ স্ক্ৰীন সাজি দিছে জ্যোতিৰূপম দত্তই ৷