NORTHEAST NOW (Assamese)

মহানগৰীৰ পল্টনবজাৰ আৰক্ষীয়ে কালি আটক কৰা দুজন দুষ্কৃতিকাৰীক আজি দণ্ডাধীশৰ আগত হাজিৰ

June 26, 2018 10:16 pm · মুকুট দাস
Updated: June 26, 2018 10:17 pm
পল্টনবজাৰ আৰক্ষীয়ে আজি কামৰূপ মহানগৰ দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা গুজৰাট বড়ো (ৰঙা চোলাৰজন) আৰু য়ুছুফ হক।

পল্টনবজাৰ আৰক্ষীয়ে কালি, অৰ্থাৎ ২৫ জুনত মহানগৰীৰ এটা শ্বপিং মলত এগৰাকী ছোৱালীক যৌন নিৰ্য্যাতন কৰাৰ অভিযোগত এজন লোকক আটক কৰে।

পল্টনবজাৰ আৰক্ষীয়ে আটক কৰা ৩৮ বছৰীয়া এই লোকজন কোকৰাঝাৰৰ গুজৰাট বড়ো বুলি জনা গৈছে। আৰক্ষীয়ে জনোৱা মতে লোকজনে মহানগৰীৰ বিগ বজাৰ নামৰ শ্বপিং মলটোত এজনী ২৪ বছৰীয়া ছোৱালীক কালি যৌন নিৰ্য্যাতন কৰিছিল।

আৰক্ষীয়ে জনোৱা মতে ছোৱালীজনীয়ে আৰক্ষীক জনোৱাৰ লগে লগেই আৰক্ষীয়ে লোকজনক আটক কৰে। লোকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ ধাৰাত 613/18 নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে। অভিযুক্তজনক আৰক্ষীয়ে আজি কামৰূপ মহানগৰ দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰায়।

আনহাতে পল্টনবজাৰ আৰক্ষীয়ে একেটা দিনতে ম’বাইল ফ’ন চুৰিত জড়িত থকাৰ অপৰাধত এজন যুৱককো আটক কৰে। ২৯ বছৰীয়া এই যুৱকজনৰ নাম য়ুছুফ হক বুলি জনা গৈছে। য়ুছুফৰ ঘৰ গুৱাহাটীৰ উলুবাৰীৰ কছাৰীবস্তিত বুলি জনাইছে আৰক্ষীয়ে। য়ুছুফৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৮০ ধাৰাত 612/18 নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে। তেওঁকো আৰক্ষীয়ে আজি কামৰূপ মহানগৰ দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰায়।

Related News