খাৰুপেটীয়া মহাবিদ্যালয়ত ২৫ জুনৰ দিনা স্নাতক মহলাত নামভৰ্তি প্ৰক্ৰিয়াৰ সময়ত নতুনকৈ অহা ছাত্ৰ-ছাত্ৰীৰ পৰা মহাবিদ্যালয়খনত নিৰ্মীয়মাণ অৱস্থাত থকা চহিদ বেদীৰ নিৰ্মাণৰ বাবে বৰঙনি সংগ্ৰহক লৈ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ পিছত আমছুৰ কাণ্ডক লৈ সৰ্বত্ৰ চৰ্চা হৈছে।
দুয়ো পক্ষই থানাত পৰস্পৰৰ বিৰুদ্ধে গোচৰ দিয়াৰ পিছত এতিয়া বোকা ছটিওৱা আৰু অভিযোগ-প্ৰতিঅভিযোগৰ আঙুলি টোঁওৱা দেখা গৈছে।
ছাত্ৰ একতা সভাই সংবাদ মাধ্যমক কোৱা মতে তেওঁলোকে বৰঙনি তোলাৰ বাবে মহাবিদ্যালয়খনৰ অধ্যক্ষৰ পৰা অনুমতি লৈছিল আৰু এই বৰঙনি স্বেচ্ছামূলক আছিল।
এই ভাষ্যৰ বিপৰীতে মহাবিদ্যালয়খনৰ অধ্যক্ষই তেওঁৰ পৰা ছাত্ৰ একতা সভাই অনুমতি লোৱা নাছিল বুলিহে কয়।
উল্লেখযোগ্য যে চহিব বেদী নিৰ্মাণৰ নামত বৰঙনি তুলিবলৈ গৈ আমছুৱে গুণ্ডাগিৰিৰ কৰাৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি, মহাবিদ্যালয়খনত ২৫ জুনত নামভৰ্তি কৰা একাংশ শিক্ষাৰ্থীৰ পৰা ৫০টকা কৈ চহিদ বেদীৰ নামত লৈছিল আমছুৱে। কিন্তু এজন ছাত্ৰই আমছুৰ এই কাৰ্য্যৰ বিৰোধিতা কৰে। তাৰ পিছতে ছাত্ৰজনক প্ৰহাৰ কৰে একাংশ উদণ্ড আমছু সদস্যই। কলেজ চৌহদতে ছাত্ৰজনক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে আমছুৰ সদস্যসকলে। উন্মত্ত দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ছাত্ৰজন।
পিছত এই বিষয়ে ধুলা থানাত এজাহাৰ দাখিল কৰে প্ৰহৃত ছাত্ৰজনে|
আনহাতে কথা বিষম দেখি ছাত্ৰ একতা সভায়ো যুৱক জনে প্ৰথমতে ছাত্ৰ একতা সভাৰ সদস্যক প্ৰহাৰ কৰা বুলি একেখন থানাত এজাহাৰ দাখিল কৰে|
আনহাতে আমছুৰ এটা অংশই বৰঙনি তোলা আৰু ছাত্ৰজনক মাৰপিট কৰাসকল আমছুৰ কৰ্মী নহয়, আমছুৰ ভুৱা নাম লৈ সংগঠন বদনাম কৰিব বিচৰা লোক বুলি বিষয়টোৰ পৰা নিজক বচোৱাৰ চেষ্টা কৰে।
মন কৰিব লগীয়া যে কিছু দিন পূৰ্বে মহাবিদ্যালয় সপ্তাহৰ সাংস্কৃতিক অনুষ্ঠানতো ৰাজনৈতিক ছাত্র সংগঠনৰ একাংশ কর্মীয়ে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল, যাৰ ফলত জড়িতসকলক মহাবিদ্যালয় কর্তৃপক্ষই বহিষ্কাৰ কৰিব লগীয়া হৈছিল।
খাৰুপেটীয়া অঞ্চলৰ সচেতন নাগৰিকে মহাবিদ্যালয়খনৰ প্ৰশাসন ঠিক ৰখাত অধ্যক্ষৰ ব্যৰ্থ বুলিও অভিযোগ কৰিছে।