মহানগৰৰ ব্যাপ্তিৰ ফলত জলাশয়সমূহ ধ্বংসৰ গৰাহত পৰিছে : পূৰ্ণিমা দেৱী বৰ্মন

মহানগৰৰ উন্নয়ন আৰু পৰিসৰ বৃদ্ধিৰ সমান্তৰালভাৱে ইয়াৰ আশে-পাশে থকা জলাশয়সমূহ ধ্বংসৰ গৰাহত পৰিছে। এই উদ্বেগ প্ৰকাশ কৰিছে অসমৰ এগৰাকী প্ৰকৃতিপ্ৰেমী তথা হাড়গিলা সংৰক্ষণৰ বাবে কাম কৰি গ্ৰীন অস্কাৰ বঁটা লাভ কৰা পূৰ্ণিমা দেৱী বৰ্মনে।

আজি খানাপাৰাৰ অসম প্ৰশাসনিক মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা বিশ্ব আৰ্দ্ৰভূমি দিৱস-২০১৮ ত অংশগ্ৰহণ কৰি পূৰ্ণিমা দেৱী বৰ্মনে মত ব্যক্ত কৰে। তেওঁ কয় যে জলাশয়সমূহৰ ওপৰতে সমগ্ৰ পক্ষীকুল আৰু জীৱকুল নিৰ্ভৰ কৰে। তদুপৰি এই জলাশয়ৰ পৰা জনসাধাৰণে সম্পদ আহৰণ কৰিব পাৰে। জলাশয়ে যেনেদৰে জনসাধাৰণক বহুতো সম্পদৰ যোগান ধৰে ঠিক তেনেকৈ জনসাধাৰণেও জলাশয় সমূহ সংৰক্ষণ কৰিব লাগে। এই জলাশয় সমূহ সময় থাকোতেই সংৰক্ষণ নকৰিলে এই সমূহলৈ নামি অহা বিপদ দিনক দিনে বৃদ্ধি পাই যাব।

‘উন্নয়ন আমাৰ কাম্য, কিন্তু এই উন্নয়ন কোন দিশে গতি কৰিছে তাক লক্ষ্য কৰাটোও আমাৰ কৰ্তব্য। সেয়েহে অসম চৰকাৰৰ বন বিভাগৰ উদ্যোগত ৰামচাৰ কনভেকশ্যনে আয়োজন কৰা এই কৰ্মশালাত মহানগৰ আৰু আৰ্দ্ৰভূমি এই বিষয়টো বাছি লোৱা হৈছে।‘ এইদৰে কয় প্ৰকৃতিপ্ৰেমী গৰাকীয়ে।

হাড়গিলা চৰাইৰ সংৰক্ষণৰ সৈতে নিজকে দীৰ্ঘদিন জড়িত কৰি ৰখা পূৰ্ণিমা দেৱীয়ে লগতে কয় ‘’মই অসমৰ জনসাধাৰণৰ সৈতে লগ লাগি দীৰ্ঘদিন ধৰি হাড়গিলা সংৰক্ষণত গুৰুত্ব আৰোপ কৰি আহিছো।‘

তদুপৰি আৰ্দ্ৰভূমি দিৱসতে তেওঁৰ দ্বাৰা ৰচিত ‘’মই হাড়গিলা’’ শীৰ্ষক গ্ৰন্থখন বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই উন্মোচন কৰে। এই সন্দৰ্ভত ব্ৰহ্মই কয় ‘’মই হাড়গিলা’, এই গ্ৰন্থ খনৰ জৰিয়তে সমগ্ৰ বিশ্বত হাড়গিলাৰ অৱস্থা কেনেকুৱা তথা হাড়গিলাৰ প্ৰতি অহা ভাবুকিৰ বিষয়ে, কেনেকৈ ইয়াক সংৰক্ষণ কৰিব পাৰি আৰু হাড়গিলাই বছৰত কেইটা পোৱালি জন্ম দিয়ে, এইবোৰ তথ্য হাড়িলাৰ ভাষাৰে প্ৰকাশ কৰাৰ প্ৰয়াস কৰা হৈছে। তদুপৰি এইখন শিশুৰ বাবে উপযোগী কৰি ৰচনা কৰা এখন গ্ৰন্থ যদিও নিশ্চয়কৈ বয়োজ্যেষ্ঠ সকলৰ বাবেও উপযোগী হ’ব বুলি ভাবো। এনে এটা অনুষ্ঠানত এইখন উন্মোচন কৰিবলৈ পাই নিজকে মই সৌভাগ্যৱান মানিছো।‘’

গ্ৰীন অস্কাৰ বঁটা লাভ কৰাৰ পিছত অসমলৈ ঘূৰি অহাৰ পিছত অসমৰ জনসাধাৰণে দিয়া মৰম চেনেহৰ কথা কেতিয়াও পাহৰিব নোৱাৰো বুলি আজিৰ অনুষ্ঠানত পূৰ্ণিমা দেৱী বৰ্মনে কয়। তেওঁ উল্লেখ কৰে যে অসমৰ মানুহৰ মৰমৰ বাবে কৃতজ্ঞতাৰ চিন স্বৰূপে ‘মই হাড়গিলা’ শীৰ্ষক গ্ৰন্থখন সকলোৰে উপযোগীকৈ প্ৰকাশ কৰি উলিয়াই। এই গ্ৰন্থখনৰ ইংৰাজী ভাষালৈ অনুবাদ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

লক্ষণীয় যে অসম চৰকাৰৰ বন মন্ত্ৰী আৰু অন্যান্য উচ্চ পদস্থ বিষয়া সকলে তেওঁৰ দ্বাৰা লিখিত গ্ৰন্থখন উন্মোচন কৰাৰ বাবে নৰ্থ ইষ্ট নাওৰ জৰিয়তে তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰে।