NORTHEAST NOW (Assamese)

মাজুলীক ‘ধোঁৱামুক্ত জিলা’ৰূপে গঢ়াৰ প্ৰয়াস প্ৰশাসনৰ

April 27, 2018 10:07 pm · মিটু খাটনিয়াৰ

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত মাজুলীক দেশৰ ভিতৰতে প্ৰথমখন ধোঁৱামুক্ত জিলা হিচাপে গঢ়াৰ প্ৰয়াস কৰিছে মাজুলী জিলা প্ৰশাসনে। জিলাখনৰ প্ৰতিটো দুখীয়া পৰিয়ালৰ এগৰাকীকৈ মহিলা হিতাধিকাৰীক এই আঁচনিৰ অধীনত সামৰি লৈ বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ প্ৰদানৰ বাবে আজি ২৭ এপ্ৰিলৰপৰা মাজুলী জিলা প্ৰশাসনে এক বিশেষ অভিযান আৰম্ভ কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা জিলাখনৰ দৰিদ্ৰ পৰিয়ালসমূহৰ মহিলা হিতাধিকাৰীকো এই আঁচনিৰ সুবিধা প্ৰদানৰ বাবে জিলা প্ৰশাসনে অভিযান চলাইছে। অভিযানৰ অংশ হিচাপে অহা ৫ মে’ৰ ভিতৰতে মাজুলীৰ ৫৯৭৩ টা দুখীয়া পৰিয়ালৰ এগৰাকীকৈ মহিলাক উজ্জ্বলা যোঁজনাৰ অধীনত বিনামূলীয়াকৈ চিলিণ্ডাৰ, ৰেগুলেটৰ, ষ্টোভ আদিসহ ৰন্ধন গেছৰ সংযোগ প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

প্ৰথম পৰ্যায়ত ৭৫ খন ৰাজহ গাওঁ সামৰি ল’ব লগা এই অভিযান সফল কৰিবলৈ আজি মাজুলীৰ জিলা উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া-পৰিদৰ্শক, আই অ’চিৰ কাৰ্যবাহী, গেছ এজেন্সিৰ স্বত্বাধিকাৰী, ১৪১ খন ৰাজহ গাঁৱৰ গাওঁবুঢ়া, সুলভ মূল্য দোকানৰ এজেন্ট, সমাজ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰী সকলক লৈ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে। বৈঠকত উপায়ুক্তই মাজুলীক দেশৰ প্ৰথমখন পাকঘৰৰ ধোঁৱামুক্ত জিলা হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত সকলোকে পূৰ্ণ শক্তিৰে জৰিত হ’বলৈ নিৰ্দেশ দিয়ে।

Related News