ৰাইজক চমকিত কৰি মাজুলীত স্পাইদাৰমেন

spiderman in majuli

হলিউডত নিৰ্মিত স্পাইডাৰমেন চিৰিজৰ চিনেমা নোচোৱা লোক হয়তো খুব কমেই আছে। এই চিৰিজৰ চিনেমাকেইখনত দেখুওৱা হয় এজন স্পাইডাৰমেন বা মকৰামানৱে কিদৰে অনায়াসে ওখ ওখ অট্টালিকাৰ বেৰ বগাই গৈ বিপদাপন্ন লোকক উদ্ধাৰ কৰে।

সেয়া আছিল ৰূপালী পৰ্দাৰ কথা। কিন্তু এই কাল্পনিক চৰিত্ৰটোৰ লগত প্ৰায় মিল থকা মাজুলীৰ এজন যুৱকৰ কৰ্ম-কাণ্ডই সকলোকে এতিয়া আচৰিত কৰি তুলিছে। বাস্তৱ জীৱনত স্পাইডাৰমেন বা মকৰামানৱৰ দৰে অকল্পনীয় শক্তিৰ অধিকাৰী মাজুলীৰ  যুৱকজনৰ নাম হ’ল মনোজ দলে।

নিজৰ অদ্ভুত দক্ষতাৰ বাবে মনোজৰ নাম এতিয়া অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশতো ব্যাপকভাৱে চৰ্চিত আৰু জনপ্ৰিয়। নামনি মাজুলীৰ মহৰীচুক গাৱঁৰ নিৱাসী ২৫ বছৰীয়া এই যুৱকজনে ওখ ওখ গছ, অট্টালিকা, ঘৰ আদিত অতি ক্ষিপ্ৰ গতিৰে আৰু অনায়াসে বগাই যাব পাৰে।

কামৰ সন্ধানত অৰুণাচললৈ যোৱা মনোজে তাতো ওখ গছ বগোৱা, এজোপা গছৰ পৰা আন এজোপা গছলৈ বান্দৰৰ দৰে ওপৰতে জঁপিয়াই যোৱা, অট্ৰালিকা নিমিষতে বগোৱা আদি চমক দিবলৈ সক্ষম হৈছিল।

মনোজে সাংবাদিকৰ আগত জনায় যে তেওঁৰ নিজৰ দক্ষতাৰে গীনিজ বুকত ৰেকৰ্ড সৃষ্টি কৰাৰ মন আছে। আনহাতে মাজুলীৰ স্থানীয় লোকসকলেও মনোজৰ এই আশ্চৰ্য্যকৰ গুণ-ক্ষমতাক প্ৰশংসা কৰি আহিছে।